ফাইনেলত দুয়ো দলৰ প্লেয়িং ১১ত সালসলনি হ’ব নেকি ! কোন কোন আছে দলত
কাইলৈ ২৯ জুন তাৰিখে নিশা ৮ বজাত অনুষ্ঠিত হ’বলৈ গৈ আছে বহু ৰোমাঞ্চ, চাছপেঞ্চ আদিৰে ভৰা টি ২০ বিশ্বকাপৰ ফাইনেল তথা চূড়ান্ত খেল। সময় যিমানে আগবাঢ়িছে ভাৰতীয়বাসীৰ উৎকণ্ঠা সিমানে বৃদ্ধি পাইছে, কিয়নো ফাইনেলত আছে দেশৰ দল। আপোন দল। ১৯ নৱেম্বৰ ২০২৩ ৰ আধৰুৱা সপোন পূৰণ হোৱাৰ আশাৰে বাট চাইছে কোটি কোটি ক্ৰিকেটপ্ৰেমী ভাৰতবাসীয়ে।
টি ২০ বিশ্ব কাপৰ কাইলৈ অনুষ্ঠিত হ’ব লগা চূড়ান্ত খেলখনত জয়ৰ আশাৰে নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। শনিবাৰে বাৰ্বাডোছৰ কেনচিংটন অ’ভেলত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ অন্তিমখন খেল।
বৰ্তমানৰ প্ৰতিযোগিতাখনত দুয়োটা দলেই এতিয়ালৈকে অপৰাজিত হৈ আছে। একে সময়তে দক্ষিণ আফ্ৰিকা প্ৰথমবাৰৰ বাবে যিকোনো আই চি চি প্ৰতিযোগিতাত চূড়ান্ত খেল খেলিবলৈ সাজু। ছেমি ফাইনেলত আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল দলটোৱে আনহাতে ভাৰতে ইংলেণ্ডক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।
ফাইনেল খেল খনত ভাৰত ফেভাৰিট হিচাপে অৱতীৰ্ণ হব। পূৰ্বৰ বাৰত বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰতিযোগিতা সমূহলৈ চালে ভাৰতে অধিক খেলত জয়ী হৈছিল। পূৰ্বৰ বিশ্বকাপ চাবলৈ গলে দুয়ো দলে ৬ বাৰ মুখামুখি হৈছে য’ত ভাৰতে চাৰিখন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই দুখন মেচত জয়লাভ কৰিছে। এনে পৰিস্থিতিত ভাৰত মেচত জয়ী হোৱাৰ শক্তিশালী প্ৰতিদ্বন্দ্বী।
ইণ্ডিয়াক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চূড়ান্ত খেলখনত ভাল আৰম্ভণিৰ প্ৰয়োজন হ’ব। কাইলৈয়ে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে ইনিংছ আৰম্ভ কৰা দেখা যাব। এই মুহূৰ্তত ৰোহিট ফৰ্মত আছে। আনহাতে, কোহলীয়ে দুৰ্বল ফৰ্মত আছে। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ অন্তত অধিনায়ক আৰু প্ৰশিক্ষকে আত্মবিশ্বাস ব্যক্ত কৰে যে কোহলীৰ বেট উজলি উঠিব আৰু তেওঁ ভাল ইনিংছ খেলিব পাৰিব।
তিনি নম্বৰত মিডল অৰ্ডাৰত ঋষভ পন্ট। বৰ্তমানৰ প্ৰতিযোগিতাখনত শক্তিশালী ফৰ্মত আছে পণ্ট। চলিত প্ৰতিযোগিতাত তেওঁ এই পৰ্যন্ত ১৭১ ৰান সংগ্ৰহ কৰিছে। আনহাতে, সূৰ্য্যকুমাৰ যাদৱে চাৰি নম্বৰত খেলিব। পাঁচ নম্বৰ স্থানত বেটিং কৰিবলৈ আহিব উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়া। তেওঁ বল আৰু বেটেৰে ভাৰতৰ বাবে উপযোগী বুলি প্ৰমাণিত হৈছে।
পাছে শিৱম ডুবেৰ নাম কাট খাব পাৰে। শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত শূন্যত আউট হৈছিল ডুবে। শিৱম ডুবেৰ ঠাইত সঞ্জু চেমচনে সুযোগ পোৱাৰ আশা। বলাৰৰ ক্ষেত্ৰত কোনো সালসলনি নহয়, কেউজন খেলুৱৈ সুন্দৰ ফৰ্মত আছে।
দুয়ো দলৰ সাম্ভাৱ্য খেলুৱৈ-
ভাৰত – ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ত (উইকেট ৰক্ষক), সূৰ্য্যকুমাৰ যাদৱ, শিৱম ডুবে নাইবা সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, আৰ্শদীপ সিং, কুলদীপ যাদৱ, যশপ্ৰিত বুমৰাহ।
দক্ষিণ আফ্ৰিকা – কুইণ্টন ডি কক, ৰিজা হেণ্ড্ৰিক্স, আইডেন মাৰ্ক্ৰাম, হেনৰিক ক্লাচেন, ডেৱিদ মিলাৰ, ট্ৰিষ্টান ষ্টাবছ, মাৰ্কো জান্সেন, কেশ্বৱ মহাৰাজ, কাগিছ’ ৰাবাডা, এনৰিচ নৰ্টজে, টাব্ৰাইজ শ্বামচি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ