• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস ৰচি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অপৰাজেয় অষ্ট্ৰেলিয়াৰ দুৰ্গত ভাৰতে উৰুৱালে ত্ৰিৰংগা

ইতিহাস ৰচি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অপৰাজেয় অষ্ট্ৰেলিয়াৰ দুৰ্গত ভাৰতে উৰুৱালে ত্ৰিৰংগা

1 year ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

25 minutes ago
মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

1 hour ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

20 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

20 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

21 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

22 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

23 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

23 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

24 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

1 day ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইতিহাস ৰচি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অপৰাজেয় অষ্ট্ৰেলিয়াৰ দুৰ্গত ভাৰতে উৰুৱালে ত্ৰিৰংগা

editor by editor
November 25, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ইতিহাস ৰচি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অপৰাজেয় অষ্ট্ৰেলিয়াৰ দুৰ্গত ভাৰতে উৰুৱালে ত্ৰিৰংগা
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাস ৰচি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অপৰাজেয় অষ্ট্ৰেলিয়াৰ দুৰ্গত ভাৰতে উৰুৱালে ত্ৰিৰংগা

প্ৰথম ইনিংছত দুইগৰাকী ভাৰতীয় অপেনিং বেটছমেন ব্যৰ্থ। তাৰ পাছত দলৰ ইনিংছ চম্ভালে মহিন্দৰ অমৰনাথ আৰু গুন্দাপ্পা বিশ্বনাথে। প্ৰথম ইনিংছত ভাৰতৰ সংগ্ৰহ ২৫৬ ৰান। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত গেৰী ক’জিয়াৰ আৰু ক্ৰেইগ ছাৰজেণ্টে ভাৰতলৈ ভাবুকি আনিছিল যদিও ভাৰতৰ লেগ স্পীনাৰ ভগৱত চন্দ্ৰশেখৰে মেৰুদণ্ড ভাঙি দিয়ে অষ্ট্ৰেলিয়াৰ বেটিং লাইন আপৰ।

চন্দ্ৰশেখৰে ৫২ ৰানৰ বিনিময়ত ৬ টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াক ২১৩ ৰানত সীমিত কৰে। ৪৩ ৰানৰ অগ্ৰগতিৰে ভাৰতে আৰম্ভ কৰা দ্বিতীয় ইনিংছত কিংবদন্তি অপেনাৰ সুনীল গাভাস্কাৰে অৰ্জন কৰে দৰ্শনীয় শতক। দ্বিতীয় ইনিংছত ৩৪৩ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক ৩৮৭ ৰানৰ বিজয়লক্ষ্য বান্ধি দিয়ে ভাৰতে।

দ্বিতীয় ইনিংছতো চন্দ্ৰশেখৰৰ স্পীন ঘূৰ্ণীত তচনচ হৈ অষ্ট্ৰেলিয়া অল আউট হয় মাত্ৰ ১৬৪ ৰানত। ভাৰত জয়ী হয় ২২২ ৰানৰ বৃহৎ ব্যৱধানত। এয়া ১৯৭৭ চনত মেলবৰ্নত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট মেচ।

আজি হৰ্ষিত ৰানাই এলেক্স কেৰীক ক্লীন ব’ল্ড কৰাৰ আগলৈকে এয়া আছিল অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতৰ সৰ্ববৃহৎ জয়।

২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। নৱাগত নীতিশ ৰেড্ডী আৰু হৰ্ষিত ৰানাক দলত লৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিছিল বুমৰাহ এণ্ড কোম্পানী। প্ৰথম টেষ্টৰ প্ৰথম ইনিংছতে বেটিং ব্যৰ্থতা প্ৰদৰ্শন কৰা ভাৰতীয় দলে চিন্তিত কৰি তুলিছিল কোটি কোটি ক্ৰিকেট অনুৰাগীক। কিন্তু পিছমুহূৰ্ততে বুকু ফিন্দাই থকা অষ্ট্ৰেলিয়াক উভতি ধৰে ভাৰতৰ বলাৰে।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত অধিনায়কৰ দায়িত্ব লাভ কৰা যচপ্ৰীত বুমৰাহে খহায় অষ্ট্ৰেলিয়াৰ ইনিংছ। মাত্ৰ ১০৪ ৰানত অল আউট অষ্ট্ৰেলিয়া। দ্বিতীয় ইনিংছত আৰম্ভণিৰে পৰাই অষ্ট্ৰেলিয়ান বলাৰক দিশহাৰা কৰে ভাৰতৰ অপেনিং যুটি যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে। ২০১ ৰানৰ দলীয় স্ক’ৰত ৭৭ ৰান কৰি আউট হয় কে এল ৰাহুল। বিৰাট কোহলীৰ সংগ লাভ কৰি জয়ছোৱালে পুনৰ আৰম্ভ কৰে অষ্ট্ৰেলিয়ান বলাৰ আক্ৰমণ।

১৬১ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি আউট হয় যশস্বী জয়ছোৱাল। ইয়াৰ পাছতে ছন্দলৈ ওভতা তাৰকা বেটছমেন বিৰাট কোহলীয়ে অৰ্জন কৰে টেষ্ট কেৰিয়াৰৰ ৩০ সংখ্যক শতক। দ্বিতীয় ইনিংছত ৬ উইকেটৰ বিনিময়ত ৪৮৭ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ভাৰতে।

৫৩৪ ৰানৰ বিশাল লক্ষ্য লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা অষ্ট্ৰেলিয়াক আৰম্ভণিতেই বেকফুটত ঠেলি দিয়ে বুমৰাহ আৰু মহম্মদ ছিৰাজে। আৰু পেভিলিয়নমুখী কৰে ইজনৰ পাছত সিজন অষ্ট্ৰেলিয়ান খেলুৱৈ। ২৩৮ ৰানত অল আউট হৈ ২৯৫ ৰানৰ বৃহৎ ব্যৱাধন পৰাজয় স্বীকাৰ কৰে অষ্ট্ৰেলিয়াই। অষ্ট্ৰেলিয়াৰ মাটিত এয়া ভাৰতৰ সৰ্ববৃহৎ জয়। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত ইয়াৰ আগলৈকে অপৰাজেয় আছিল অষ্ট্ৰেলিয়া। অৱশেষত আজি অষ্ট্ৰেলিয়াৰ দুৰ্গত ভাৰতে উৰুৱালে ত্ৰিৰংগা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs AustraliaIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!
জীৱনশৈলী

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

April 29, 2026
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
Next Post
১৮ বছৰীয়া আফগানিস্তানৰ খেলুৱৈক পাবলৈ উত্ৰাৱল মুম্বাই ইণ্ডিয়ানছ, কোন এই খেলুৱৈ !

১৮ বছৰীয়া আফগানিস্তানৰ খেলুৱৈক পাবলৈ উত্ৰাৱল মুম্বাই ইণ্ডিয়ানছ, কোন এই খেলুৱৈ !

প্ৰায় নিশ্চিত ! দেবেন্দ্ৰ ফাড়নবীচেই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

প্ৰায় নিশ্চিত ! দেবেন্দ্ৰ ফাড়নবীচেই হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.