মঙলবাৰে মাজনিশা ভাৰতৰ প্ৰত্যাঘাতত চমকি গৈছে পাকিস্তান৷ ২৫ মিনিটৰ অপাৰেছন সেন্দুৰৰ মাধ্যমেৰে পাকিস্তানৰ মাটিত থকা এটাৰ পাছত আনটো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে ভাৰতে৷ অপাৰেছন সেন্দুৰ সম্পৰ্কে বিস্তাৰিত তথ্য দিবলৈ বুধবাৰে বিশেষ সংবাদমেলো সম্বোধন কৰা হৈছে৷ সেই বিশেষ সংবাদমেলতো চমক দিলে কেন্দ্ৰীয় চৰকাৰে৷
সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় চৰকাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল আছিল এই সংবাদমেল৷ আৰু সেই বৈঠকতেই নিৰাপত্তা বাহিনীক প্ৰতিনিধিত্ব কৰিছিল দুই মহিলা অফিচাৰে৷ কৰ্নেল ছোফিয়া কুৰেছি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিং সামাজিক মাধ্যমত এতিয়া খুবেই চৰ্চিত৷ তেওঁলোকৰ সৈতে চৰকাৰৰ পক্ষৰ হৈ সংবাদমেলত অংশ লৈছিল বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে৷ দেশৰ অন্যতম অভিজ্ঞ এই কূটনৈতিক আমোলাৰ আৰু এক পৰিচয় হৈছে তেওঁ কাশ্মীৰি পণ্ডিত৷
জম্মু কাশ্মীৰৰ বুকুত পহেলগামৰ নৃশংস আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে কেনেকৈ কি পন্থা লৈছে তাৰ বাখ্যা কৰিছে তিনিওগৰাকীয়ে৷ পহেলগাম আক্ৰমণৰ প্ৰত্যক্ৰমণৰ নাম অপাৰেছন সেন্দুৰ ৰখাটো যিমান তাৎপৰ্যপূৰ্ণ তাতকৈ সংবাদমেল সম্বোধনত এগৰাকী কাশ্মীৰি পণ্ডিত আৰু দুগৰাকী মহিলা অফিচাৰ ৰখাটো তাতোকৈয়ো তাৎপৰ্যপূৰ্ণ৷ কেন্দ্ৰৰ এই ৰণকৌশলৰো আছে পৃথক তাৎপৰ্য৷ এই সংবাদমেলৰ উদ্দেশ্য এটাই যে শত্ৰুপক্ষ আৰু সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সামৰিক, মানসিক আৰু জাতীয় ঐক্যৰ শক্তি তুলি ধৰি দৃঢ় বাৰ্তা দিয়া৷
উল্লেখ্য যে সেনা আৰু নিৰাপত্তা বাহিনী মানেই দীৰ্ঘদিন ধৰি এটাই ধাৰণা আছিল, পুৰুষেই এইসমূহ অভিযানৰ দায়িত্ব লয়৷ কিন্তু এইবাৰ সকলোকে অবাক কৰি বৃহৎ দায়িত্ব কান্ধ পাতি লৈছে মহিলা অফিচাৰে৷ সময়ৰ লগে লগে দেশৰ নিৰাপত্তা বাহিনীত নিজকে উচ্চস্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মহিলা অফিচাৰসকলেও৷ কিন্তু বিদেশৰ মাটিত এই সফল সামৰিক অভিযানৰ বাৰ্তা দেশৰ মানুহে জানিলেই নহ’ব এই কথা জানিব লাগিব সমগ্ৰ বিশ্বই৷ তাৰবাবে দুই মহিলা অফিচাৰক দিয়েই এই সংবাদমেল সম্বোধনো কৰোৱা হৈছে৷ পহেলগাম ঘটনাৰ প্ৰতিশোধ ল’বলৈ যি অভিযান চলোৱা হৈছে তাৰ নাম অপাৰেছন সেন্দুৰ ৰখাৰ মাধ্যমেৰে নাৰীশক্তিৰ জয়গান গোৱা হৈছে৷ অপাৰেছন সেন্দুৰ কেৱলমাত্ৰ ভাৰতৰ সামৰিক শক্তিৰ সাফল্য নহয়, এই অভিযানে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ নাৰীশক্তিৰ ক্ষমতাক স্পষ্টভাৱে তুলি ধৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ