চেনাব নদীৰ পানী অতৰ্কীতে এৰিলে ভাৰতে, বানৰ সংকটত পাকিস্তান
ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চৌদিশৰ পৰাই বিপদত পেলোৱাৰ ব্যৱস্থা আৰম্ভ কৰিছে। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত ভাৰতে কোনো তথ্য অবিহনে চেনাবৰ পানী অতৰ্কীতে মুকলি কৰি দিছে। ইয়াৰ ফলত পাকিস্তানত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰত এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে সাজু হৈছে।
সন্ত্ৰাসবাদৰ দুৰ্গ বুলি গণ্য কৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সকলো প্ৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথমে ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু সন্ধি স্থগিত ৰাখিলে। যাৰ ফলত পাকিস্তানত জল সংকটৰ সৃষ্টি হোৱাৰ দৰে পৰিস্থিতি হৈ পৰে।
এতিয়া ভাৰতে হঠাৎ চেনাব নদীৰ পানী এৰি দিছে, যাৰ বাবে পাকিস্তানত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত পাকিস্তানতো এক সতৰ্কবাণী জাৰি কৰা হৈছে।
দৰাচলতে সিন্ধু জল সন্ধিৰ বাবেই ভাৰতে পানী এৰি দিয়াৰ পূৰ্বে পাকিস্তানক সতৰ্ক কৰি দিছিল যদিও সন্ধি স্থগিত ৰখাৰ পিছত সতৰ্কতা অবিহনে পানী এৰি দিয়া হৈছে, যাৰ ফলত পাকিস্তানত হাহাকাৰ সৃষ্টি হৈছে।
পাকিস্তানক এশিকনি দিবলৈ ভাৰতে ধাৰাবাহিক ভাৱে বাহিৰৰ পৰাই কিবা নহয় কিবা প্ৰকাৰে অশান্তি দি আছে। লগতে ভাৰতে সেনাবাহিনীকো যি কোনো পৰিস্থিতিত যি কোনো ব্যৱস্থা গ্ৰহণৰ বাবে স্বাধীনতা দি থৈছে। সাগৰতো ভাৰতে পাকিস্তানৰ ওপৰত নিজৰ দখল কটকটীয়া কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















