ৰে’ল বিভাগে দিবলৈ গৈ আছে এক বৃহৎ খবৰ, ভাৰতে নিজে তৈয়াৰ কৰিব বুলেট ট্ৰেইন
ভাৰতীয় ৰে’ল বিভাগৰ ফালৰ পৰা অনতি পলমে সদৰি কৰা হ’ব এক সুখবৰ। বন্দে ভাৰতৰ পাছত এইবাৰ মেড ইন ইণ্ডিয়া বুলেট ট্ৰেইন নিৰ্মাণ কৰা হ’ব। প্ৰস্তাবিত এই ট্ৰেইন ভাৰতৰ সবাতোকৈ বেগী ট্ৰেইন হ’ব।
বৰ্তমানে ইয়াৰ ডিজাইনৰ ওপৰত কাম চলি আছে। উল্লেখ্য যে, ঘন্টাত ২৫০ কিলোমিটাৰ গতিবেগেৰে দৌৰা ট্ৰেইন বৰ্তমানে হাইস্পীডক ট্ৰেইন কোৱা হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিক বাতৰি অনুসৰি, এগৰাকী শীৰ্ষ বিষয়াই কয় যে, এই প্ৰকল্প বন্দে ভাৰত প্লেটফৰ্মত নিৰ্মাণ কৰি থকা হৈছে। যি প্ৰথমে প্ৰতি ঘণ্টাত ২০০ কিলোমিটাৰ গতিত দৌৰিব।
নিৰ্মাণ হ’ব লগা এই বুলেট ট্ৰেইন ফেক্টৰী ডিজাইনৰ ওপৰত নিৰ্মাণ হৈ আছে। লগতে ইয়াকো কয় যে, এই ট্ৰেইন বৰ্তমানে ভাৰতত চলি থকা যি কোনো ট্ৰেইনৰ তুলনাত গতিবেগ অধিক হ’ব।
ভাৰতে বৰ্তমানে জাপানৰ টেকনিক লৈ বুলেট ট্ৰেইন নিৰ্মাণ কৰি আছে। নিৰ্মাণৰ পাছত এই ট্ৰেইন আহমেদাবাদৰ পৰা মুম্বাইলৈ চলিব। ট্ৰেইনে ৩২০ কিলোমিটাৰ প্ৰতিঘণ্টা গতিবেগো হ’ব পাৰে।
বিষয়াগৰাকীয়ে লগতে ইয়াকো কয় যে, বৰ্তমানে ভাৰতে ট্ৰেইনৰ স্পীডৰ ওপৰত কাম কৰি আছে। বন্দে ভাৰতৰ এই ভেৰিয়েণ্ট বৰ্তমানে ০ৰ পৰা ১০০ কিলোমিটাৰ স্পীড ধৰিবলৈ মাত্ৰ ৫২ ছেকেণ্ডৰ প্ৰয়োজন হ’ব।
আৰম্ভণি হায়দৰাবাদ-মুম্বাইৰ মাজত হ’লেও পাছলৈ এই মেড ইন ইণ্ডিয়া বুলেট ট্ৰেইন উত্তৰ- দক্ষিণ আৰু পূৱ কৰিডৰত চলাচল কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ