অসম লাইভ২৪ঃ বুধবাৰে ৰামনৱমীৰ দিনটোত নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী মোদী। নলবাৰীৰ বিশাল জনসভা সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইচ্ছা থাকিলেও অযোধ্যাৰ প্ৰথমটো ৰামনৱমীত ভাগ লোৱাৰ সুযোগ নাপালে প্ৰধানমন্ত্ৰী মোদীয়ে। নিৰ্বাচনী ব্য়স্ততা থাকিলেও প্ৰযুক্তি এতিয়া খুবেই উন্নত। ঘৰত বহিয়েই সকলোবোৰ উপভোগ কৰিব পাৰি। সেই প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰীয়ে চালে ৰামৰ শিৰত সূৰ্যতিলক দিয়াৰ বিশেষ ভিডিঅ’।
নলবাৰীত জনসভা সম্বোধন কৰি থকাৰ সময়তেই অযোধ্যাৰ ৰামলালাৰ কপালত সূৰ্যতিলক দিয়া হয়। সূৰ্যতিলক দিয়াৰ সময়খিনিত মোদীয়ে নিজা ভাষণ কিছুসময়ৰ বাবে ৰখাই জয় শ্ৰী ৰাম ধ্বনি দিয়ে। সকলোকে ৰাম নৱমীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে সন্মান প্ৰদৰ্শনৰ বাবে নিজৰ মোবালৰ টৰ্চ জলাই হাত ওপৰলৈ দাঙিবলৈ অনুৰোধো জনাই।
নলবাৰীৰ জনসভা শেষ হোৱাৰ পাছতেই আকাশপথেৰে ওভটি আহোঁতে মোদীয়ে সূৰ্যতিলকৰ বিশেষ মুহূৰ্তৰ ভিডিঅ’ উপভোগ কৰে। বিমানত বহি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ থাকিল তেওঁ। সামাজিক মাধ্যমত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘নলবাৰীৰ বৈঠকৰ পাছত অভূতপূৰ্ব আৰু অতুলনীয় মুহূৰ্তৰ সাক্ষী হৈ ৰ’লো। সকলোৱে ৰাম মন্দিৰৰ এই বিস্ময়কৰ মুহূৰ্তৰ বাবে অপেক্ষা কৰিছিল। এয়া এক দৈৱিক মুহূৰ্ত। উন্নত ভাৰতৰ বাবে আমি যি যি অংগীকাৰ কৰিছো সকলোবোৰৰ বাবে শক্তি লাভ কৰিব এই সূৰ্যতিলকৰ পুণ্য মুহূৰ্তৰ মাজত।’
নিৰ্বাচনী প্ৰচাৰৰ কাৰণে এইবাৰ অযোধ্যালৈ গৈ সূৰ্যাভিষেক নিজ চকুৰে প্ৰত্যক্ষ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। সভা শেষ কৰি সেয়ে বিমানত উঠি নিজৰ আইপেডতে এই বিৰল ক্ষণক উপভোগ কৰে। আই পেডতেই ৰামলালাৰ সূৰ্যতিলকৰ অনুষ্ঠান চাই মোদীয়ে। এই সূৰ্যতিলকৰ দৃশ্য চোৱাৰ সময়ত নিজৰ চেণ্ডেল খুলি লয় প্ৰধানমন্ত্ৰী মোদীয়ে। সূৰ্যতিলক চোৱাৰ পাছত চকু বন্ধ কৰি প্ৰণামো জনাই। প্ৰধানমন্ত্ৰীয়ে এই দৃশ্য উপভোগ কৰাৰ পাছত কয়, ‘কোটি কোটি ভাৰতীয়ৰ দৰে মোৰ বাবেও এই সময় খুবেই আৱেগিক। অযোধ্যাৰ ৰামনৱমী ঐতিহাসিক। এই সূৰ্যতিলকে আমাৰ জীৱনলৈ শক্তিৰ সঞ্চাৰ কৰক। দেশ আৰু দেশবাসীৰ গৌৰৱ আৰু মৰ্যাদাক অন্য উচ্চতালৈ লৈ যাওক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ