এছিয়া কাপৰ দল নিৰ্বাচনৰ কথা আনুষ্ঠানিক ভাৱে জনাইছে বিচিচিআইয়ে৷ সন্মুখত টি-২০ বিশ্বকাপো৷ সেই দিশত লক্ষ্য ৰাখিয়েই নিৰ্বাচকে এছিয়া কাপৰ দলৰ কথা ঘোষণা কৰিছে৷ সূৰ্যকুমাৰ যাদৱ দলৰ অধিনায়ক৷ শুভমন গীল হৈছে দলৰ ভাইছ কেপ্টেইন৷ এইবাৰ এছিয়া কাপ হ’ব টি-২০ ফৰমেটত৷ ভাৰতৰ অভিযান আৰম্ভ হব আগন্তুক ১০ ছেপ্টেম্বৰত৷ ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হব ভাৰত পাক মেচ৷
শুভমন গীলক লৈ ইতিমধ্যেই চৰ্চা চলিছিল৷ শুভমন এছিয়া কাপৰ দলত থাকিবনে সেই বিষয়ক লৈ সন্দিহান হৈ আছিল ক্ৰিকেট সমালোচক৷ ইংলেণ্ডৰ মাটিত শুভমন গীলৰ নেতৃত্বত ভাৰতীয় টেষ্ট চিৰিজলৈ যেন পুনৰ হেৰুওৱা উশাহ ঘূৰি আহিছিল৷ সেয়ে শুভমনক বাদ দি এছিয়া কাপৰ দল গঠন সম্ভৱ নহয় বুলিয়েই প্ৰায়সংখ্যক ক্ৰিকেট সমালোচকে মন্তব্য কৰিছিল৷
এছিয়া কাপত ভাৰতীয় দলৰ হৈ অপেনাৰ হিচাপে থাকিব অভিষেক শৰ্মা আৰু সঞ্জু ছেমছন৷ অভিষেক শৰ্মা এই মুহূৰ্তত টি-২০ ফৰমেটৰ এক নম্বৰ বেটছমেন৷ তেওঁৰ সৈতে অপেনাৰ হিচাপে দেখা যাব সঞ্জু ছেমছনক৷ যি সঞ্জুয়ে টি-২০ ফৰমেটত তিনিটা চেঞ্চুৰীও কৰিছে৷ তিনি আৰু চাৰি নম্বৰত আছে তিলক ভাৰ্মা আৰু সূৰ্যকুমাৰ যাদৱ৷ দক্ষিণ আফ্ৰিকালৈ গৈ অধিনায়ক সূৰ্যৰ ওচৰত আব্দাৰ কৰিছিল তিলকে তেওঁক যেন তিনি নম্বৰত ৰখা হয়৷ সূৰ্যই তেতিয়াই ৩ নম্বৰ স্থান এৰি দিছিল তিলক ভাৰ্মাক৷
অভিজ্ঞতা আৰু কাৰ্যকাৰিতাৰ দিশৰ পৰা বিচাৰ কৰিলে হাৰ্দিক পাণ্ডিয়া এতিয়া দলৰ সম্পদ৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিয়াৰ দক্ষতাও আছে তেওঁৰ৷ তেওঁ বোলিঙৰ ওপৰিও বেটিঙতো দুৰ্দান্ত পাৰফৰ্মাৰ৷ টি-২০ বিশ্বকাপত হাৰ্দিক পাণ্ডিয়াৰ পাৰফৰমেন্সৰ কথা কোনেনো পাহৰিব পাৰে৷
অপেনিঙৰ ওপৰিও উইকেট কিপিং কৰিব সঞ্জুৱে৷ বেক আপ কিপাৰ হিচাপে স্থান লৈছে জিতেশ শৰ্মাই৷ অলৰাউণ্ডাৰ হিচাপে দলত লোৱা হৈছে শিৱম ডুবেক৷ আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ শিৱম ডুবেই বহুমেচত উল্লেখযোগ্য পাৰফৰমেন্স দেখুৱাইছে৷ অক্ষয় পেটেল কাৰ্যকৰী অলৰাউণ্ডাৰ৷ বল হাতত লৈ প্ৰতিপক্ষৰ ৰানৰ গতি ৰখাই দিব পাৰে তেওঁ৷ আকৌ বেট হাতত লৈ প্ৰয়োজনীয় ইনিংছ খেলত তেওঁ দক্ষ৷ ৰিঙ্কু সিঙক দলত লোৱাত বেটিং আৰু শক্তিশালী হৈছে৷
সূৰ্যৰ দলৰ বোলিঙৰ প্ৰাণ জশপ্ৰীত বুমৰাহ৷ তেওঁৰ ওপৰিও অৰ্শদ্বীপ সিং, হৰ্ষিত ৰানাক লোৱা হৈছে৷ অৰ্শদ্বীপক লৈ যোৱা হৈছিল ইংলেণ্ডলৈ৷ কিন্তু এখন মেচতো খেলা দেখা নগল অৰ্শদ্বীপক৷ বাওঁ হাতত চিলাই পৰিছিল অৰ্শদ্বীপৰ৷ দুই স্পিনাৰ হিচাপে দলত লোৱা হৈছে কুলদ্বীপ যাদৱ আৰু বৰুণ চক্ৰবৰ্তীক৷
১৫জনীয়া দলৰ ওপৰিও পাঁচ ক্ৰিকেটাৰক ষ্টেণ্ড বাই হিচাপে ৰখা হৈছে৷ তেওঁলোক হৈছে প্ৰসিদ্ধ কৃষ্ণ, ৱাছিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৱেল আৰু যশস্বী জয়ছোৱাল৷ ১৫ জনীয়া দলৰ মাজত কোনোৱে আঘাত প্ৰাপ্ত হলে এই ষ্টেণ্ড বাই ক্ৰিকেটাৰক ২২ গজত নমোৱা হব৷
এছিয়া কাপৰ ঘোষিত দল
সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), শুভমন গীল(সহ অধিনায়ক), সঞ্জু ছেমছন, অভিষেক শৰ্মা, তিলক বৰ্মা, ৰিঙ্কু সিং, হাৰ্দিক পাণ্ডিয়া, জিতেশ শৰ্মা, জশপ্ৰীত বুমৰাহ, অৰ্শদ্বীপ সিং, হৰ্ষিত ৰানা, কুলদ্বীপ যাদৱ আৰু বৰুণ চক্ৰবৰ্তী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















