অসম লাইভ২৪ঃ ভাৰত নে ইণ্ডিয়া? দেশৰ নাম সলনি হ’লে আন কি কি সলনি হ’ব? পুনৰ হ’ব নেকি বিমুদ্ৰাকৰণ? বিৰোধীৰ মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়াক সলনি কৰিব নেকি ভাৰতলৈ? কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে জনতাৰ মনত।
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, President of India, অনান্য চৰকাৰী কাৰ্যালয় হওক বা প্ৰতিষ্ঠানত পূৰ্বৰ পৰা চলি অহা ইণ্ডিয়াক সলনি কৰি কেন্দ্ৰীয় মোদী চৰকাৰে শেহতীয়াকৈ সলনি কৰিবলৈ লৈছে ইণ্ডিয়াৰ নাম ভাৰতলৈ। যদি ভাৰত নামেৰে সকলোতে পুনৰ নামাকৰণ কৰা হয় তেন্তে দেশবাসী কি কি সমস্যাৰ সন্মুখীন হ’ব?
দেশৰ নাম সলনি কৰাৰ লগে লগে দেশৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম কাগজে পত্ৰই সলনি কৰিব লাগিব। বিশেষকৈ ভাৰতীয় টকাৰ নোটত উল্লেখ থকা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নামো সম্ভৱত সলনি কৰিব লাগিব। তাৰ লগে লগে আন এক বিমুদ্ৰকৰনৰ মুখামুখি হব লাগিব দেশবাসী। উল্লেখ্য যে ভাৰতৰ নাম সলনি প্ৰক্ৰিযাক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ শাসক বিৰোধীৰ মাজৰ সংঘাতৰ বাবেই এনে কিছু অনাকাংশিত অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপি বা NDA চৰকাৰক পৰাভূত কৰিবৰ বাবে বিৰোধী মিত্ৰজোঁটৰ UPA ৰ নাম সলনি কৰি নতুন নাম দিছিল India.
যি নামৰ বাবেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেখেতে টুইটাৰত ইণ্ডিয়াৰ ঠাইত লিখিছিল ভাৰত। তাৰ পৰাই সৃষ্টি হয় আন এক বিতৰ্কৰ। শেহতীয়াকৈ এই বিতৰ্কই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া। লক্ষণীয় যে জি-২০ বৈঠকৰ বাবে বিদেশৰ অতিথিক দেশৰ ৰাষ্ট্ৰপতি ভৱনত নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনোৱা পত্ৰত president of India ৰ ঠাইত লিখা হল president of bharat. উক্ত ঘটনাক কেন্দ্ৰ কৰি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে বিৰোধীৰ মিত্ৰজোঁটৰ ইণ্ডিয়াক বদনাম কৰিবৰ বাবেই কেন্দ্ৰীয় মোদী চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এক প্ৰকাৰে আগন্তক ২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে শংকাত ভুগিছে শাসকীয় চৰকাৰ। মুঠৰ ওপৰত বৰ্তমান india Bharat বিতৰ্কই বিশেষ তাৎপৰ্য বহন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ