ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট
তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত সমানে ৰান কৰাৰ পাছত এতিয়া চলি আছে দ্বিতীয় ইনিংছ। পাছে আজি দ্বিতীয় ইংনিছত ইংলেণ্ড বেকফুটত।
ভাৰতীয় বলাৰৰ ত্ৰাস খেলপথাৰত । ১০০ ৰান নহওঁতেই ইংৰাজ দলে হেৰুৱালে ৪ টা কৈ উইকেট।
মহম্মদ চিৰাজে খেলখনৰ প্ৰথমটো উইকেটৰ লগতে মুঠ দুটা উইকেট দখল কৰে। তাৰ বাহিৰে নীতিশ কুমাৰ ৰেড্ডী আৰু আকাশদ্বীপে এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে প্ৰথম ইনিংছত ত্ৰাসৰ সৃষ্টি কৰা বুমৰাহৰ হাতত এতিয়ালৈ লগা নাই সফলতা।
মহম্মদ চিৰাজে বেন ডাকেট আৰু অলি পোপক আউট কৰায়। নীতিশৰ বলত আউট হয় জেক আনহাতে আকাশদ্বীপে পেভিলিয়ানমুখী কৰে হেৰী ব্ৰুকক।
ইলেংণ্ড দলে বৰ্তমানে ৪ টা উইকেট হেৰুৱাই ৮৭ ৰান কৰিবলৈ সক্ষম হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















