পৰাজয়ৰ পাছত ৰোহিত শৰ্মাৰ ডাঙৰ মন্তব্য…
বেংগালুৰু টেষ্টত নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাস্ত টিম ইণ্ডিয়া। ইয়াৰ লগে লগে নিউজিলেণ্ড দলটোৱে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰানৰ বাবে অল আউট হোৱাৰ পিছত পৰাজয়ৰ বিপদত পৰিছিল টিম ইণ্ডিয়া। যুঁজলৈ পুনৰ উফতি অহাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল ভাৰতীয় দলটোৱে। কিন্তু সেই যুঁজ কোনো কামত নাহে।
এতিয়া পৰাজয়ৰ পিছতে অধিনায়ক ৰোহিত শৰ্মাৰ এটা ডাঙৰ বক্তব্য প্ৰকাশ পাইছে। বেংগালুৰু টেষ্টত পৰাজয়ৰ পিছত ৰোহিত শৰ্মাই কয় যে আমি দ্বিতীয় ইনিংছত বেটৰ সৈতে ভাল প্ৰদৰ্শন কৰিছিলো। কিন্তু আমি প্ৰথম ইনিংছত ভাল বেটিং কৰা নাছিলো।
গতিকেই আমি জানিছিলোঁ কি হ’ব আৰু কিছুমান খেলুৱৈয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াব পাৰিব। যেতিয়া আপুনি ৩৫০ ৰান পিছ পৰি থাকে তেতিয়া আপুনি এই বিষয়ে বেছি চিন্তা কৰিব নোৱাৰে, মাত্ৰ বল আৰু বেটিং কৰিব লাগে বুলিহে মূৰত আহি থাকে। আমি জয় হ’ব পাৰিলোহেঁতেন, কিন্তু আমাৰ প্ৰচেষ্টাত আমি গৌৰৱান্বিত।
পন্ত আৰু সৰফৰাজৰ প্ৰশংসা কৰি ৰোহিতে আৰু কয় যে, যেতিয়া দুয়োজনে বেটিং কৰে, তেতিয়া সকলোৱে নিজ নিজ আসনত সুৰক্ষিত হৈ থাকিবলৈ চেষ্টা কৰে। কাৰণ দুয়োজনে ভাল শ্বট খেলে। আমি আৰম্ভণিতে জানিছিলোঁ যে এই খেল কঠিন হ’ব, কিন্তু আমি ৪৬ ৰানতে অল আউট হোৱাৰ আশা কৰা নাছিলো।
নিউজিলেণ্ডে ভাল বলিং কৰিছিল আৰু আমি ইয়াৰ উত্তৰ দিব পৰা নাছিলো। এনে খেলবোৰ হৈয়েই থাকে। আমি আগবাঢ়ি যাম। ইংলেণ্ডৰ বিৰুদ্ধে আমি এখন মেচত পৰাস্ত হৈছিলো আৰু তাৰ পিছত চাৰিখন মেচত জয়ী হৈছিলো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ