অসম লাইভ২৪ঃ মধ্যপ্ৰদেশৰ জনসভাৰ পৰা ইণ্ডিয়া জোঁটক আকৌ সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ সাগৰ জিলাত অনুষ্ঠিত এখন জনসভাৰ পৰা বিৰোধী জোটক অহংকাৰী জোট বুলি কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰীয়ে। সনাতন ধৰ্মক বিৰোধী জোটে ধ্বংস কৰিব বিচৰা বুলিও অভিযোগ আনিছে মোদীয়ে। এই জোট সনাতন ধৰ্মৰ বাবে বিপজ্জনক বুলিও প্ৰকাশ কৰিছে মোদীয়ে। কিছু দিন পূৰ্বে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিনে, ‘সনাতন ধৰ্ম’ক লৈ আক্ৰমণাত্মক মন্তব্য কৰিছিল। সনাতন ধৰ্ম বিপজ্জনক বুলিও প্ৰকাশ কৰিছিল উদয়নিধিয়ে। সেই কথাৰ আলম লৈয়েই মোদীয়ে আক্ৰমণ কৰিছে এইবাৰ ইণ্ডিয়া জোটক।
প্রধানমন্ত্ৰী মোদীয়ে ভাষণত কয়, তেওঁলোকে মুম্বাইত বহি বৈঠক কৰিছে। মই ভাৱো এই আলোচনাত তেওঁলোকে ৰাজনৈতিক কৌশল আৰু অহংকাৰী জোটটোক কেনেকৈ আগুৱাই নিব পাৰি সেই কথা আলোচনা কৰিছে। গোপন এজেণ্ডাও তৈয়াৰ কৰিছে। সেই কৌশলৰ ভিতৰত প্রধান কৌশলেই হৈছে ভাৰতৰ সংস্কৃতিক আক্ৰমণ কৰা। তেওঁলোকে ভাৰতীয়সকলৰ বিশ্বাসক শেষ কৰিব বিচাৰিছে। তেওঁলোকে ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি থকা একতা ধ্বংস কৰিবলৈ পন্থা হাতত লৈছে।’
সনাতন ধৰ্মক কেনেদৰে আঘাত দিছে সেই সম্পৰ্কেও মন্তব্য কৰিছে প্রধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ‘সনাতন ধৰ্মৰ ওপৰত বিৰোধী জোটে মুকলিকৈ আক্ৰমণ চলাবলৈ লৈছে। এই সনাতন ধৰ্মক তেওঁলোকে মোহাৰি পেলাব খুজিছে। সনাতন ধৰ্মক ৰক্ষা কৰিবৰ বাবে দেশৰ সনাতনীসকল সজাগ হওক। দেশক ভালপোৱাসকলে সনাতন বিৰোধী ইণ্ডিয়া জোটত কেতিয়াও নাযায়।’
সনাতন ধৰ্মৰ প্ৰসংগত মোদীৰ মুখত শুনা গৈছে মহাত্মা গান্ধী আৰু ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰো নাম। প্রধানমন্ত্ৰী মোদীৰ দাবী, ভাৰতীয় জীৱনত সনাতন ধৰ্মৰ বিশেষ গুৰুত্ব আছে। মহাত্মা গান্ধীয়েও সেই কথা অনুধাৱন কৰিব পাৰিছিল। স্বামী বিবেকানন্দৰ পৰা লোকমান্য তিলকেও ৰাজনীতিত কেতিয়াও সনাতন ধৰ্মক অপমানিত কৰা নাছিল। ইণ্ডিয়া জোটে ভাৰতৰ ‘ব্ৰিটিছ গোলামীৰ’ দিনবোৰ আকৌ ঘুৰাই আনিব বুলি ভাষণত দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ