অসম লাইভ ২৪ঃ দেশৰ সকলো নাগৰিকক ডিচেম্বৰৰ ভিতৰত কোভিড ভেকচিন প্ৰদান কৰিব কেন্দ্ৰই। শুকুৰবাৰে এক সংবাদমেলযোগে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী প্ৰকাশ জাভেদকাৰে সদৰী কৰে এই কথা। ৰাহুল গান্ধীৰ সমালোচনামূলক মন্তব্যৰ পাছতে তৎপৰ হৈছে কেন্দ্ৰ। দেশৰ ১৩০ কোটি জনতাৰ মাত্ৰ ৩ শতাংশইহে ভেকচিন লাভ কৰিছে বুলি এক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। কেন্দ্ৰৰ ভেকচিন নীতিক তীক্ষ্ণ সমালোচনা ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীৰ। দেশত ক’ৰোনাৰ দ্বিতীয় ঢৌৰ বাবে প্ৰধানমন্ত্ৰীক জগৰীয়া কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ তীক্ষ্ণ সমালোচনাৰ পাছতেই ২১৬ কোটি ড’জৰ সহায়ত সম্পন্ন কৰিব ভেকচিনেচন প্ৰক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















