অসম লাইভ ২৪ঃ বৰফৰ শুভ্ৰ আচ্ছাদনে সম্প্ৰতি আৱৰি ৰাখিছে ভূ-স্বৰ্গ কাশ্মীৰক। বন্ধ হৈ আছে বাট-পথ, যাতায়াতৰ সকলো ব্যৱস্থা। তেনে সময়তেই গৰ্ভৱতী এগৰাকী মহিলাই তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ বাবে সোমবাৰে পুৱা ফোন কৰিছিল এম্বুলেঞ্চলৈ। পিছে বৰফৰ বাবে কোনো কাৰণতে এম্বুলেঞ্চ যাব পৰা নাছিল সেই অঞ্চললৈ। পিছে এই সংকটজনক অৱস্থাত সেনাৰ এখন গাড়ীয়ে মেডিকেলৰ এটা টীম লৈ উপস্থিত হৈছিল সেই অঞ্চলত। কিছুসময়ৰ পিছতেই পথৰ দাঁতিত সেনাৰ বাহনৰ ভিতৰতেই মহিলাগৰাকীয়ে জন্ম দিলে এটি কন্যা শিশু। যাৰ নাম দিলে পৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ