সমগ্ৰ বিশ্বক চমক দি ভাৰতীয় ৰে’লৰ ইতিহাসত নতুন মাইলফলক ৰচনা হ’ব ৩১ মাৰ্চত৷ সেই দিনাই ৰে’ল বিভাগে চলাব প্ৰথমখন হাইড্ৰ’জেন ট্ৰেইন৷ ষ্টিম ইঞ্জিনৰ পৰা ইলেক্ট্ৰিক হৈ এইবাৰ হাইড্ৰডেন ট্ৰেইনৰ যুগত ভৰি থ’বলৈ সাজু ভাৰত৷ ষ্টিম ইঞ্জিনৰ পৰা ডিজেল, তাৰপিচত বিদ্যুত। সময়ৰ সৈতে বিবৰ্তন ঘটিছে ৰে’লৰ। এইবাৰ শক্তিশালী হাইড্ৰ’জেন চালিত ৰে’ল আৰম্ভ হ’ব দেশত। ৩১ মাৰ্চত এই ট্ৰেইন প্ৰথমবাৰৰ বাবে চলিব দেশত৷ চলিত বৰ্ষতেই মুঠ ৩৫খন হাইড্ৰজেন চালিত ৰে’ল আৰম্ভ কৰাৰ পৰিকল্পনা দেশৰ ৰে’ল বিভাগৰ।
কেতিয়াৰে পৰা চলিব হাইড্ৰজেন ৰে’ল?
বিগত ডিচেম্বৰতেই হাইড্ৰ’জেন চালিত ট্ৰেইনৰ পৰীক্ষামূলক দৌৰ আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু সেয়া বাস্তৱায়ন নহ’ল। শেহতীয়াভাৱে সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পূৰ্বে হাইড্ৰ’জেন চালিত ৰেলক লৈ আন এক নতুন ঘোষণা কৰিছে। এক সৰ্বভাৰতীয় সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত ৰে’লৰ ডবা প্ৰস্তুতকাৰী সংস্থাৰ(Integral Coach Factory)জেনেৰেল মেনেজাৰ ইউ ছুব্বা ৰাওৱে দিছে এই সুখবৰ। ছুব্বা ৰাওৱে কয়, ‘হাইড্ৰ’জেন ইন্ধন নিৰ্ভৰ ট্ৰেইন প্ৰকল্পৰ কাম চলি আছে। Integral Coach Factoryত এই নতুন ৰে’লৰ কাম চলি আছে। ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰতেই দেশত হাইড্ৰজেন চালিত ট্ৰেইন চলাব পৰা যাব বুলি আমি ধাৰণা কৰিছো। ২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমনমুক্ত ট্ৰেইন চলোৱাই ভাৰতীয় ৰে’ল বিভাগৰ প্ৰধান লক্ষ্য।’
হাইড্ৰজেন ট্ৰেইনৰ গতি আৰু প্ৰযুক্তি
তামিলনাডুৰ Integral Coach Factoryত হাইড্ৰ’জেন চালিত ট্ৰেইনৰ কাম চলি আছে। ঘণ্টাত ১৪০ কিঃমিঃ বেগত চলিব এই ট্ৰেইন। এই ট্ৰেইনৰ বিশেষত্ব হৈছে, হাইড্ৰ’জেন আৰু অক্সিজেনৰ যোজনৰ জৰিয়তে উৎপাদিত বিদ্যুতেৰে চালিত হ”ব এই ৰে’ল৷ এই ট্ৰেইনৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গমণৰ সলনি কেৱল ভাপহে নিৰ্গমন হ’ব।
শক্তিৰে আগুৱাইছে ভাৰত
পৃথিৱীৰ সকলোতকৈ শক্তিশালী হাইড্ৰ’জেন নিৰ্ভৰ ট্ৰেইন ইঞ্জিন তৈয়াৰ কৰিছে ভাৰতে। অন্য দেশসমূহে য’ত ৫০০ৰ পৰা ৬০০ হৰ্ছপাৱাৰৰ হাইড্ৰজেন চালিত ইঞ্জিন তৈয়াৰ কৰিছে, ভাৰতে ১২০০ হৰ্ছপাৱাৰৰ হাইড্ৰ’জেন ইঞ্জিন তৈয়াৰ কৰিছে। প্ৰথমে হাৰিয়ানাৰ জিন্দৰ পৰা ছোনিপতলৈকে মুঠ ৮৯ কিঃমিঃলৈ চলিব এই ট্ৰেইন। একোখন হাইড্ৰ’জেন ট্ৰেইন তৈয়াৰ কৰিবলৈ মুঠ খৰচ হ’ব ৮০ কোটি টকা। এই ট্ৰেইন চলাবলৈ ৰে’লৰ ট্ৰেকসমূহো সলনি কৰিব লাগিব। এই পৰিবৰ্তনৰ বাবে খৰচ হ’ব প্ৰায় ৭০ কোটি টকা। এই ট্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে জাৰ্মানিৰ TUV-SUDক। জাৰ্মানি, ফ্ৰান্স, ছুইডেন, চীনৰ দৰে দেশে ইতিমধ্যেই হাই’ড্ৰজেন নিৰ্ভৰ প্ৰযুক্তিত ট্ৰেইন চলাই নজিৰ গঢ়িছে। এইবাৰ সেই উন্নত দেশৰ সৈতে ট্ৰেইন প্ৰযুক্তিত চামিল হ’ব ভাৰতো। সকলো মিলি এই প্ৰকল্পৰ বাবে খৰচ হ’ব প্ৰায় ২৮০০ কোটি টকা। এই প্ৰকল্পৰ বাবে ২০২৩-২০২৪ অৰ্থবৰ্ষতেই ভাৰতে বাজেট নিৰ্ধাৰণ কৰিছিল। প্ৰথম ধাপত ৩৫ খন হাইড্ৰ’জেন ট্ৰেইন অনা হ’ব আৰু ধাপে ধাপে এই সংখ্যা বাঢ়িব। পৰিবেশ অনুকুল এই ট্ৰেইনে ভাৰতীয় ৰে’ল বিভাগলৈ আমূল পৰিবৰ্তন আনিব বুলি আশাবাদী এতিয়া প্ৰায়সংখ্যক বিশেষজ্ঞই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ