• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

2 years ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

15 minutes ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

56 minutes ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

1 hour ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

2 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

3 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

4 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

4 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

5 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

23 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

1 day ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে

editor by editor
March 31, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
কমিছে যোগান, বিশ্বক চমক দি বালিৰ বিকল্পৰ সন্ধান উলিয়ালে ভাৰতৰ এদল বিজ্ঞানীয়ে
0
SHARES
570
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপোনাৰ সপোনৰ ঘৰ এখন নিৰ্মাণৰ পৰিকল্পনা কৰিছে। নিৰ্মাণৰ পৰিকল্পনাত প্ৰথমেই আহে বালি, ইটা, চিমেণ্টৰ কথা। বালি অবিহনে এখন পকীঘৰ নিৰ্মাণৰ কথা আপুনি কোনোকালে ভাৱিবই নোৱাৰে। সকলোবোৰ নিৰ্মাণৰ অন্যতম উপাদান হৈছে বালি। ক্ৰমাগত ব্যৱহাৰৰ কাৰণে সেই বালিৰেই এতিয়া অভাৱ হ’ব ধৰিছে। যাৰবাবে বিজ্ঞানীয়েও বিকল্পৰ সন্ধান আৰম্ভ কৰিছে।

এদল বিজ্ঞানীয়ে বালিৰ বিকল্পৰ সন্ধান কৰি বিকল্প বিচাৰি উলিয়াবলৈকো সক্ষম হৈছে। ভৱিষ্যতে বালিৰ বাবে ঘৰ বা কংক্ৰিটৰ সামগ্ৰী নিৰ্মাণত বাধা নাহে তাৰবাবেই বিকল্প বিচাৰি উলিয়াইছে বিজ্ঞানীৰ দলটোৱে। বাংগালুৰুৰ আইআইএছছির চেণ্টাৰ ফৰ ছাচটেনেবল টেকনোলজিয়ে বালিৰ এই বিকল্প তৈয়াৰ কৰিছে। কল কাৰখানাৰ পৰা বাহিৰ হোৱা ধোঁৱাৰ পৰাই এই বিকল্প বালি তৈয়াৰত সফল হৈছে বিজ্ঞানীৰ দল। কল-কাৰখানাৰ ধোঁৱাত কাৰ্বন-ডাই-অক্সাইড থাকে। সেই কাৰ্বন-ডাই-অক্সাইডত জমা হৈ থাকে মাটি। তাৰ পৰাই বালি তৈয়াৰৰ কাম আৰম্ভ কৰিছে বিজ্ঞানীৰ দলে।

IISCৰ তৰফৰ পৰা এটা বিবৃত্তি দিয়া হৈছে। তেওঁলোকে জনোৱা অনুসৰি এনেকৈ কাৰ্বন ডাই অক্সাইড এনেকৈ সংগ্ৰহ কৰি ৰাখিলে প্ৰকৃতিও প্ৰদুষণমুক্ত হ’ব। দৈনিক ডাঙৰ ডাঙৰ কল-কাৰখানাৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱো পৰিবেশৰ ওপৰত নপৰিব। IISCৰ অধ্যাপক গুপ্তা আৰু তেওঁৰ নেতৃত্বাধীন গৱেষক দলে দেখুৱাইছে যে কেনেকৈ বালিৰ বিকল্প তৈয়াৰ কৰিব পাৰি। কাৰ্বন ডাই অক্সাইড কেনেকৈ প্ৰয়োজনীয় কৰি তুলিব পাৰি।

গৱেষক দলটোৱে জনোৱা অনুসৰি, পৰিবেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড সংগ্ৰহৰ বাবে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰা প্ৰকৃতিৰো লাভ হ’ব। বিজ্ঞানী গুপ্তাই জনোৱা অনুসৰি বালিৰ বিকল্প হিচাপে যি সামগ্ৰী তৈয়াৰ কৰা হৈছে তাত কাৰ্বন থকাৰ কাৰণে তাৰ ক্ষমতা ২০ৰ পৰা ২২ শতাংশ বৃদ্ধি পাব। গৱেষক দলে লগতে জনাইছে যে নিৰ্মাণস্থলত যি মাটি থাকে তাৰ মাজত কাৰ্বন প্ৰবেশ কৰোৱা হয়। ইয়াৰ ফলত কি কি হয় সমগ্ৰ পৰীক্ষা কৰা হৈছে। নিৰ্মাণস্থলৰ মাটিৰ সৈতে কাৰ্বন মিহলি হ’লে তাৰ স্থিতিস্থাপকতা বৃদ্ধি পায়। ইয়াৰফলত নিৰ্মাণ কাৰ্যত সুবিধা হয়। নিৰ্মাণো মজবুত হয়। ইয়াৰোপৰি বিজ্ঞানীৰ দলটোৱে চিমেণ্ট, মাটিৰ মিশ্ৰণ লৈয়ো গৱেষণা চলাইছে। এই গৱেষণাৰ অন্ততঃ বিজ্ঞানীৰ দলটোৱে জনাইছে যে চিমেণ্টত চুণ, মাটিৰ এই বিশেষ মিশ্ৰণ যোগ দিলে ৩০শতাংশ ধাৰণ ক্ষমতা বৃদ্ধি পায় চিমেণ্টৰ।

চিমেণ্টৰ সৈতে ছাই আৰু কিছু সামগ্ৰী মিহলাইয়ো পৰীক্ষা কৰা হৈছে। বিজ্ঞানীৰ দাবী এই মিশ্ৰণ ব্যৱহাৰ কৰিলে বালিৰ প্ৰয়োজনীয়তা ৩০ৰ পৰা ৫০শতাংশলৈ কমিব। ইতিমধ্যে নিৰ্মাণ সংস্থাৰ সৈতে আলোচনাও আৰম্ভ হৈছে বিজ্ঞানীৰ দলৰ। তেওঁলোকে উৎপাদন কৰা পণ্যই যাতে বজাৰ লাভ কৰে সেই বিষয়েও কথাবাৰ্তা আৰম্ভ হৈছে। চিমেণ্ট বা নিৰ্মাণকাৰ্যত ব্যৱহৃত বালি বা অন্যান্য সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰাৰ বাবে এখন চৰকাৰী কমিটিও আছে। সেই কমিটিৰ সৈতেও ইতিমধ্যেই আলোচনা চলিছে। বালিৰ বিকল্প যদি অচিৰেই বজাৰলৈ নাহে তেন্তে আগন্তুক কেইটামান বছৰৰ ভিতৰতেই বিশ্বত নিৰ্মাণকাৰ্যৰ বাবে প্ৰয়োজনীয় বালিৰ অভাৱ ঘটিব। ৰাষ্ট্ৰসংঘৰ পৰিবেশ প্ৰকল্পই জনোৱা অনুসৰি বিগত দুটা দশকত বালিৰ চাহিদা পূৰ্বতকৈ তিনি গুণ বাঢ়িছে।

২০১৯ চনত পৃথিৱীত বালিৰ চাহিদা আছিল ৫হাজাৰ কোটি টন। নিৰ্মাণৰ ক্ষেত্ৰত এক টন চিমেণ্টৰ সৈতে তাৰ সাতৰ পৰা গুণ অধিক বালি মিহলোৱা হয়। তেতিয়াহে নিৰ্মাণকাৰ্য মজবুত হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ পৰিবেশ পত্ৰিকাই জনোৱামতে ২০১২ চনলৈকে বালি দি যিসমূহ নিৰ্মাণ হৈছে সেয়া যোগ কৰিলে সমগ্ৰ পৃথিৱীৰ চাৰিওফালে বিষুৱৰেখাৰ সমানে ৮৮ ফুট ওখ প্ৰাচীৰ গঢ়ি তুলিব পৰাই গ’লহেতেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

January 15, 2026
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
Next Post
মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

মাহৰ প্ৰথম দিনাই ৰবিযোগ, মহাদেৱৰ আশীৰ্বাদত কাইলৈ সৌভাগ্যৰ তুংগত থাকিব ৫ৰাশিৰ জাতক

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

সম্পৰ্কৰ বয়স বঢ়াৰ লগে লগেই ভালপোৱা কমিছে? এই কৌশলেই মনত জগাই তুলিব হেৰাই যোৱা প্ৰেমৰ উষ্ণতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.