ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নক্ষত্ৰ লিয়েণ্ডাৰ পেজ গাৰ্হস্থ্য হিংসাৰ অপৰাধ দোষী সাব্যস্ত হৈছে৷ শুকুৰবাৰে মুম্বাই মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতে ভাৰতীয় টেনিছ তাৰকাগৰাকীক দোষী সাব্যস্ত কৰিছে৷
উল্লেখ্য যে লিয়েণ্ডাৰ পেজৰ প্ৰাক্তন সংগী ৰিয়া পিল্লাইয়ে ২০১৪ চনত তৰা গাৰ্হস্থ্য হিংসাৰ এক গোচৰৰ বিচাৰ কৰি আদালতে এই ৰায় প্ৰদান কৰিছে৷
আদালতে লিয়েণ্ডাৰ পেজক দুটা ৰাস্তা দিছে৷ লিয়েণ্ডাৰ পেজে হয় ৰিয়াৰ সৈতে একেটা ঘৰতে একেলগে থাকিব লাগিব, নহয় ৰিয়াক ত্যাগ কৰিব লাগিব৷ এই ক্ষেত্ৰত লিয়েণ্ডাৰে ৰিয়াক ঘৰভাৰা হিচাপে ৫০ হাজাৰ টকা আৰু ঘৰুৱা খৰচ হিচাপে প্ৰতি মাহে ১ লাখ টকাকৈ দিব লাগিব৷ যদি ৰিয়াই লিয়েণ্ডাৰ সৈতে একেটা ঘৰতে থাকে তেনে এই ধন লাভ নকৰিব৷
আনহাতে, আইনী খৰচৰ বাবদ লিয়েণ্ডাৰ পেজে ৰিয়াক ১ লাখ টকা দিব লাগিব৷ ৰিয়া আৰু লিয়েণ্ডাৰ সন্তানৰ খা-খৰচ, পঢ়া-শুনা খৰচো লিয়েণ্ডাৰে বহন কৰিব লাগিব৷ অৱশ্যে ৰিয়াৰ খা-খৰচৰ বাবদ কোনো ধন দিব নেলাগে লিয়েণ্ডাৰে৷ ইফালে মুম্বাইৰ যিটো গৃহত ৰিয়া আৰু লিয়েণ্ডাৰে আছিল সেই বাসগৃহটো ভাগ বতৰোৱা কৰাৰ ৰিয়াৰ আবেদন আদালতে খাৰিজ কৰিছে৷
ৰিয়াই দাবী কৰিছে যে ২০০০ চনত লিয়েণ্ডাৰ সৈতে সম্পৰ্কলৈ অহা তেওঁৰ আৰু লিয়েণ্ডাৰৰ ২০০৬ চনত এটি সন্তান জন্ম হয়৷ ২০০৬ চনৰ পৰা লিয়েণ্ডাৰে মুম্বাইৰ সম্ভ্ৰান্ত এলেকা বান্দ্ৰাত থাকিবলৈ আৰম্ভ কৰে৷ আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু ২০১৪ চনত ৰিয়াই লিয়েণ্ডাৰৰ বিৰুদ্ধে আদালতত ঘৰুৱা হিংসাৰ গোচৰ তৰে৷ ৭ বছৰো অধিক সময় ধৰি গোচৰটো বিচাৰ চলাৰ পিছত শুকুৰবাৰে আদালতে ৰায় প্ৰদান কৰিছে৷
ইফালে লিয়েণ্ডাৰ অধিবক্তাই দাবী কৰিছে যে ৰিয়াৰ অভিযোগৰ কোনো আইনী ভিত্তি নাছিল, কাৰণ লিয়েণ্ডাৰৰ সৈতে সহবাস কৰা সময়ত ৰিয়া বিবাহিত আছিল৷ ২০০৮ চনতহে ৰিয়াৰ অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল৷ লিয়েণ্ডাৰে দাবী কৰিছে যে সহবাসৰ সময়ত ৰিয়াই বিবাহিত বুলি তেওঁ অৱগত নাছিল৷
ৰিয়াই ইয়াৰ প্ৰত্যুত্তৰ কয় যে সেই সময়ত সঞ্জয় দত্তৰ সৈতে তেওঁ যে নাছিল সেই কথা লিয়েণ্ডাৰ জানিছিল৷ সঞ্জয় দত্তৰ বিৰুদ্ধ গোচৰ চলি থকা আৰু তেওঁৰ পিতৃৰ মৃত্যুৰ বাবেহে বিবাহ বিচ্ছেদত পলম হোলা বুলি দাবী কৰিছে ৰিয়াই৷
আদালতে জনায় যে লিয়েণ্ডাৰে ৰিয়াৰ সঞ্জয় দত্তৰে সৈতে বিবাহ বিচ্ছেদৰ মোকৰ্দমা জ্ঞাত নহয় বুলি কোৱাতো বিশ্বাসযোগ্য নহয় আৰু লিয়েণ্ডাৰ ৰিয়াৰ সম্পৰ্কতো বৈবাহিক সম্পৰ্ক হিচাপেই মানি লৈ বিচাৰ প্ৰক্ৰিয়া চলাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ