বেংকত ফিক্সড ডিপজিটত বিনিয়োগৰ বাবে এক নিৰাপদ বিকল্প হিচাপে বিবেচনা কৰা হয়৷ ইয়াত সঞ্চয়ৰ ওপৰত ভাল ৰিটাৰ্ন পোৱা যায়৷ নিৰাপদ বিনিয়োগ আৰু ভাল ৰিটাৰ্ণৰ কাৰণে বহুতেই বেংক এফ ডিত অৰ্থ বিনিয়োগ কৰে৷ FDত দুটা বিকল্প আছে৷ প্ৰথম বিকল্পটো হৈছে ক্ৰমবৰ্ধমান স্কিম, তাতেই মেচিউৰিটিৰ সময়ত মূল আৰু সুদ উভয়েই যোগ কৰি ধন উঠাই ল’ব পাৰে৷
অন্যহাতে নন কমিউলেটিভ স্কিমত এটা নিৰ্দিষ্ট ব্যৱধানত নিয়মিত অৰ্থ প্ৰদান কৰা হয়৷ আবেদন কৰাৰ সময়ত মাহেকিয়া, ত্ৰিমাসিক, অৰ্ধবৰ্ষিক আৰু বাৰ্ষিক অৰ্থপ্ৰদানৰ বিকল্প বাচি ল’ব পাৰে৷ মাহেকীয়া বিকল্পটো বাচি লৈ প্ৰতিমাহে একাউণ্টত ধন আহে৷ কোনোৱে যদি টেক্স ছেভাৰ ফিক্সড ডিপোজিট একাউণ্টত বিনিয়োগ কৰে তেন্তে আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত এটা আৰ্থিক বছৰত ১,৫০,০০০টকা পৰ্যন্ত টেক্স ৰেহাই পোৱা যায়৷
যদি এটা অৰ্থবৰ্ষত মাহিলী আয় বা ৰিটাৰ্ন ৪০,০০০ টকাতকৈ বেছি হয় তেন্তে বেংকে ১০%টিডিএছ কাটে৷ ছিনিয়ৰ ছিটিজেনৰ ক্ষেত্ৰত এই পৰিমাণ ৫০০০০ টকা৷ যদি পান কাৰ্ড নাথাকে তেন্তে বেংকে ২০% টিডিএছ কাটিব৷ জানি থওক পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫দিনৰ ফিক্সড ডিপোজিট স্কিমত ১০ লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?
পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপোজিট স্কিম অৰ্থাৎ টাৰ্ম ডিপোজিট স্কিমত সাধাৰণৰ গ্ৰাহকে প্ৰতি বছৰে ৬.৪০% হাৰত সুদ অফাৰ কৰে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫দিনৰ ফিক্সড ডিপোজিট স্কিমত টাৰ্ম ডিপোজিট স্কিমত ছিনিয়ৰ ছিটিজেনসকলে প্ৰতি বছৰে ৭.২০%হাৰ সুদত অফাৰ কৰা হয়৷ অৰ্থাৎ এই হিচাপত সাধাৰণ গ্ৰাহকে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপোজিট স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে, মেচিউৰিটিৰ সময়ত ১৩,৬৩,৬৬৬ টকা পাব পাৰে৷
একেই হিচাপ ছিনিয়ৰ ছিটিজেনে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপোজিটত স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত ১৪,১৫,৭০৯টকা পাব পাৰে৷ সাধাৰণ গ্ৰাহকে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপজিট স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে সুদ হিচাপে পাব ৩,৬৩,৬৬৬ টকা৷
একেধৰণে ছিনিয়ৰ ছিটিজেনে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপজিট স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে সুদ হিচাপে তেওঁলোকে পাব ৪,১৫,৭০৯ টকা৷ অৰ্থাৎ পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপজিটত ১০ লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত সাধাৰণ গ্ৰাহকে ১৩,৬৩,৬৬৬টকা পাব পাৰে আৰু ছিনিয়ৰ ছিটিজেনে পাব পাৰে ১৪,১৫,৭০৯ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ