দব্যমূল্য আকাশলংঘী৷ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ লক্ষ্যৰে বিকল্পৰ সন্ধান কৰিছে অভিভাৱকেও৷ বেচৰকাৰী বহু প্ৰকল্পত কন্যা সন্তানৰ বাবে ধন জমাব পাৰে৷ কিন্তু বেছিভাগেই সুৰক্ষাৰ কথা ভাৱি বেচৰকাৰী প্ৰকল্পত বিনিয়োগ কৰিব নিবিচাৰে৷ এইক্ষেত্ৰত নিশ্চিত টকাৰ গেৰেণ্টি থকাত সুকন্যা সমৃদ্ধি যোজনা বহুতেই গ্ৰহণ কৰে৷
সুকন্য সমৃদ্ধিত ১৫ বছৰ ধৰি টকা জমা কৰিব পাৰে৷ কন্যা সন্তানৰ শিক্ষাক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল৷ এই প্ৰকল্পৰ ম্যাদ শেষ হ’লে মূলধন আৰু প্ৰাপ্ত সুদ উভয়েই কৰমুক্ত হ’ব৷ প’ষ্ট অফিচ বা HDFC বেংক, AXIS বেংক, ICICI বেংকসহ ৰাষ্ট্ৰায়ত্ব বেংকসমূহৰ পৰা এই প্ৰকল্পত আবেদন কৰা সম্ভৱ৷ অভিভাৱকে ১০ বছৰ বা তাতকৈ কম বয়সীয়া কন্যাৰ বাবে এই প্ৰকল্পত বিনিয়োগ কৰিব পাৰে৷
সুকন্যা সমৃদ্ধি যোজনাৰ বিনিয়োগৰ সৰ্বনিম্ন পৰিমাণ হৈছে বাৰ্ষিক ২৫০ টকা আৰু সৰ্বোচ্চ ১.৫ লাখ টকা৷ ১৫ বছৰৰ বাবে এই প্ৰকল্পৰ অৰ্থ জমা কৰিব পাৰে৷ ইয়াৰ লক ইন পিৰিয়ড ২১ বছৰ৷ অৰ্থাৎ জমাৰ পৰিমাণ সুদসহ ২১ বছৰ পাছত মেছিউৰ হ’ব৷ যদি একাউণ্ট হোল্ডাৰে মেচিউৰিটি পিৰিয়ডৰ আগতেই বিয়া কৰে তেতিয়া এই ক্ষেত্ৰত একাউণ্টটো বন্ধ হৈ যাব৷
প্ৰকল্পৰ নিৰ্দেশিকা অনুসৰি সুকন্যা সমৃদ্ধি যোজনাৰ এগৰাকী কন্যা সন্তানৰ বাবে এটা একাউণ্টহে খোলা সম্ভৱ৷ একে পৰিয়ালৰ দুগৰাকী ভিন্ন কন্যাৰো একাউণ্ট খুলিব পাৰে৷ যমজ কন্যাৰ ক্ষেত্ৰটো দুটা ভিন্ন একাউণ্ট খুলিব পাৰে৷ যদি কোনোৱে সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্টত বছৰত নূন্যতম ২৫০ টকা জমা দিব নোৱাৰে তেন্তে একাউণ্টটো ডিফল্ট হিচাপে বিবেচিত হ’ব৷ যি পুনৰায় সক্ৰিয় কৰাৰ বাবে আপুনি একাউণ্ট খোলাৰ ১৫ বছৰৰ ভিতৰত ২৫০ টকা আৰু বাৰ্ষিক টকা পৰিশোধ নকৰিলে অতিৰিক্ত ৫০টকা দিব লাগিব৷
যিকোন ফিক্সড ডিপজিটৰ তুলনাত সুকন্যা সমৃদ্ধি যোজনাত সুদৰ হাৰ বেছি৷ এই বছৰৰ অক্টোবৰ ডিচেম্বৰ ত্ৰিমাহিকত এই প্ৰকল্পৰ অধীনত ৮.২শতাংশ পৰ্যন্ত ৰিটাৰ্ন পাইছে৷ আপুনি যদি এই প্ৰকল্পত ১৫ বছৰৰ বাবে প্ৰতিমাহে ৩ শকৈ টকা জমা কৰে তেন্তে মেচিউৰিটিত আপুনি ১,৪৩,৬৪২ টকা পাব৷ ইয়াৰ মানে ১ বছৰত মুঠ ৪৫০০০ টতা পৰ্যন্ত বিনিয়োগ কৰে তেন্তে আপুনি পাব ৯৮, ৬৮২টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















