ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে আই পি এৰ ট্ৰফি জয় কৰাৰ সপোন মুহুৰ্ততে চুৰমাৰ হৈ পৰিব পাৰে বিৰাট দলৰ
আই পি এলৰ এইবাৰৰ টুৰ্নামেণ্টত এক ইতিহাস ৰচনা হৈছে। প্ৰথমবাৰৰ বাবে কোনো এটা দলে প্ৰথম ৬ খন খেল একেলেথাৰিয়ে পৰাজয় বৰণ কৰিয়ো শেষত কোৱালিফায়িং কৰে শীৰ্ষ ৪ দলৰ ভিতৰত। পাছে এতিয়া আন এক চিন্তাই খুলি খাব ধৰিছে বিৰাট কোহলী দল ৰয়েল ছেলেঞ্জাৰ্চ বাংগালুৰুক।
বিৰাটৰ বাহিনীয়ে এইবাৰ ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে আই পি এলৰ পথাৰত কোৱালিফায়িং কৰিছিল । কোনেও নভৱাকৈয়ে প্ৰথমে কেৱল পৰাজয়ৰ মুখ দেখিয়ো পাছলৈ আচৰিত ধৰণে স্থান লাভ কৰিছিল শীৰ্ষ চাৰিৰ ভিতৰত।
এইবাৰ কোহলীৰ প্ৰথমবাৰৰ বাবে ট্ৰফী জয়ৰ সপোন পূৰণ হ’ব পাৰে কিন্তু আই পি এলৰ নিয়মবোৰ যেন বাধা হৈ থিয় দিছে কোহলীৰ সমুখত। য়ি নিয়মৰ বাবেই ৰাজস্থানৰ দলটোৱে এতিয়া সুবিধা লাভ কৰিবলৈ গৈ আছে।
বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত যিটো দলৰ বিষয়ে আটাইতকৈ বেছি চৰ্চা হৈছে সেয়া হৈছে বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। একেৰাহে ৬ খন মেচত পৰাস্ত হৈ দলটোৱে যিদৰে পুনৰ উভতি আহিছে, সেয়া এতিয়ালৈকে প্ৰতিযোগিতাখনৰ ইতিহাসত হোৱা নাই। এই দলটোৱে লীগৰ অন্তিমখন খেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি প্লে অফৰ টিকট নিশ্চিত কৰিছিল আৰু পইণ্ট সমান হোৱাৰ পাছতো উন্নত নেট ৰাণ ৰেটৰ ভিত্তিত চেন্নাইক পিছ পেলাই আৰ চি বি আগবাঢ়ি যোৱাত সফল হৈছিল।
পাছে এনে কি নিয়ম আছে যাৰ বাবে এতিয়া চিন্তাত আৰ চি বি। এই নিয়মৰ বাবেই এইবাৰৰ প্ৰতিযোগিতাখনত গুজৰাট টাইটানছৰ দলে সৰ্বাধিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়া হৈছে বতৰ আৰু বৰষুণ। বৰষুণৰ বাবেই কেইবাখনো খেলত এইবাৰ পইণ্ট ভগাই লব লগা হৈছিল।
আজিৰ অনুষ্ঠিত হ’ব লগা দ্বিতীয়খন কোৱালিফায়িঙত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত মুখামুখি হ’ব ৰাজস্থান আৰু বাংগালুৰু। পাছে, যদি আজিৰ এই মেচত বৰষুণ হয়, তেন্তে এলিমিনেটৰ খেলা নোহোৱাকৈয়ে আৰ চি বি দল আউট হ’ব পাৰে।
উল্লেখ্য যে, আই পি এল গভৰ্নিং কাউন্সিলে কোৱালিফায়াৰ আৰু এলিমিনেটৰ মেচৰ বাবে ৰিজাৰ্ভ ডে’ ৰখা নাই। এনে পৰিস্থিতিত যদি বৰষুণে মেচখন নষ্ট কৰে তেন্তে আৰচিবিৰ পৰাজয়ৰ সন্মুখীন হ’ব। যদি বৰষুণে খেলখনত ব্যাঘাত জন্মায় তেন্তে মেচ অফিচিয়েলে নিশ্চিতভাৱে কমেও ৫ অভাৰৰ মেচ পৰিচালনা কৰিবলৈ চেষ্টা কৰিব। যদি সেয়া সম্ভৱ নহয় তেন্তে ছুপাৰ অভাৰৰ জৰিয়তে সিদ্ধান্ত ল’ব পাৰিব। যদি মেচখনত ১টা বলো কৰিব নোৱাৰে, তেন্তে পইণ্ট টেবুলত যিটো দলে ভাল স্থানত আছে, সেইটো দল আগবাঢ়ি যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















