আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল
চলিত আই পি এৰ খেলত মাজতে চেন্নাই ছুপাৰ কিংগছ দলত ব্যাপক সালসলনি। যি সালসলনিয়ে হয়তো ২০২৪ৰ আই পি এলৰ চিত্ৰই সলনি কৰি দিব। ধোনীৰ দলত নাম সন্নিবিষ্ট হৈছে এগৰাকী জবৰদস্ত খেলুৱৈৰ।
সেই জবৰদস্ত খেলুৱৈৰ নাম শুনিয়েই এতিয়া চিন্তাত পৰিছে আই পি এৰ অন্য দল সকলৰ খেলুৱৈ তথা প্ৰশিক্ষক সকলো। বৰ্তমানলৈ চেন্নাই ছুপাৰ কিংগ দলটোৱে নতুন অধিনায়ক ঋুতুৰাজৰ নেতৃত্বত ৬ খন খেলৰ ৪ খনত বিজয় সাব্যস্ত কৰিছে।
আনহাতে নেতৃত্বত নাথাকিলেও পূৰ্বৰ অধিনায়ক ধোনীয়ে দলটোক সকলো সময়তে বেকত থাকি সহযোগ কৰি গৈছে । আনকি দলটোৰ যষ্ঠখন খেলত মাত্ৰ ৪ টা বলত ২০ ৰান যোদ দি দলৰ বিজয়তো বিশেষ অৰিহনা যোগাইছে।
পাছে এইবাৰ দলত যোগ দিছে এগৰাকী এনে খেলুৱৈ, যাৰ নাম শুনিয়ে এতিয়া অন্য দলৰ বেটছমেন সকল চাপত পৰিছে। চি এছ কে দলত নাম সন্নিবিষ্ট হৈছে এগৰাকী জোৰদাৰ বলাৰৰ।
ইংলেণ্ডৰ দ্ৰুত বলাৰ ৰিচাৰ্ড গ্লীচ’নক (Richard Gleeson)ক দলত অনা হৈছে, এতিয়াৰ পৰা চেন্নাই ছুপাৰ কিংগছৰ বাকি থকা প্ৰত্যকখন খেলতেই দেখা যাব ৰিচাৰ্ডক।
ৰিচাৰ্ডক অপেনাৰ ডেভন কনৱে (Devon Conway)ৰ ঠাইত দলত লোৱা হৈছে। ডেভন আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা আঁতৰি যোৱাৰ পাছতে ৰিচাৰ্ডক অনা হয়। ৩৬ বৰ্ষীয় ৰিচাৰ্ড ৫০ লাখ টকা বেছ প্ৰাইচত চি এছ কে দলত অন্তৰ্ভুক্ত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ