ভাৰতীয় প্ৰিমিয়াৰ লীগৰ ২০২৩ চনৰ পৰা ২০২৭ চনলৈ মিডিয়া ৰাইটছৰ পেকেজ এ আৰু পেকেজ বি বিক্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে। কিন্তু আই পি এলৰ আগন্তুক পাঁচ বছৰৰ বাবে কোন কোন সম্প্ৰচাৰকে মিডিয়াৰ ৰাইটছ লাভ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। খবৰ অনুসৰি টিভি আৰু ডিজিটেল ৰাইট ক্ৰয় কৰিছে দুটা ভিন্ন সম্প্ৰচাৰক প্ৰতিষ্ঠানে।
প্ৰকাশিত খবৰ মতে আই পি এলৰ টিভিৰ ৰাইটছ ২৩,৫৭৫ কোটি টকাত বিক্ৰী হোৱাৰ বিপৰীতে ডিজিটেল ৰাইট ২০,৫০০ কোটি টকাত বিক্ৰী হৈছে।
ইয়াৰ ফলত আই পি এল মেচৰ বাবে এটা টিভি সম্প্ৰচাৰকে ৫৭.৫ কোটি টকা দিব লাগিব৷ আনহাতে ডিজিটেল মিডিয়াৰ সম্প্ৰচাৰকে আই পি এল মেচৰ বাবে ৫০ কোটি টকা দিব লাগিব।
লগতে পঢ়ক পুৰুষৰ জন্ম নিয়ন্ত্ৰণ বড়ি : পুৰুষৰ যৌন ক্ষমতা হ্ৰাস কৰে নেকি? গৱেষণাই কি কয়?
বিশ্বস্ত সূত্ৰৰ মতে ২০২৩ চনৰ পৰা ২০২৭ চনলৈ চ’নীয়ে আই পি এলৰ টিভি ৰাইটছ ক্ৰয় কৰাৰ বিপৰীতে আই পি এলৰ ডিজিটেল ৰাইটছৰ বাবে জিঅ’ই সৰ্বাধিক দৰ দাম কৰিছে। অৱশ্যে এতিয়ালৈকে ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বিচিচিআই আৰু আইপিএলৰ পৰা এই সম্পৰ্কীয় আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ হোৱা নাই।
উল্লেখ্য যে এইবাৰ আই পি এলৰ মিডিয়া ৰাইটছ চাৰিটা ভাগত ভাগ কৰা হৈছিল, য’ত পেকেজ ‘এ’ত ভাৰতীয় উপমহাদেশৰ টেলিভিছনৰ সকলো মেচৰ ৰাইটছ অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে পেকেজ ‘বি’ত ডিজিটেল ৰাইটছত ডিজিটেল স্পেচৰ সকলো মেচ অন্তভুৰ্ক্ত কৰা হ’ব।
লগতে পঢ়ক ‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?
একে সময়তে পেকেজ ‘চি’ত নিৰ্বাচিত মেচৰ বাবে একচেটিয়া সম্প্ৰচাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে পেকেজ ‘ডি’ত বিদেশী ৰাইটছ অন্তৰ্ভুক্ত কৰা হৈছে।
ইফালে বেকেট ‘চি’ত আইপিএলৰ উদ্বোধনী মেচ, চাৰিখন প্লে অফ আৰু ১৩ খন ডাবল হেডাৰ মেচ অন্তৰ্ভুক্ত কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















