ইৰানৰ সৈতে আমেৰিকা-ইজৰায়েলৰ সংঘাতৰ মাজতেই আহিছে ডোনাল্ড ট্ৰাম্পৰ বিশেষ মন্তব্য৷ মাৰ্কিন প্ৰেছিডেণ্টে জনাইছে যে যুদ্ধ প্ৰায় শেষ৷ সম্পূৰ্ণ জয় নহা পৰ্যন্ত কিন্তু যুদ্ধ চলিব৷ ট্ৰাম্পৰ এই বাৰ্তা দেখা মাত্ৰকেই ইৰানেও দিছে প্ৰত্যুত্তৰ৷ ইৰানে জনাইছে যুদ্ধৰ সমাপ্তি কেতিয়া হ’ব সেয়া নিৰ্ধাৰণ কৰিব তেহৰানে, ৱাছিংটনে নহয়৷
ইৰানৰ ৰেভলিউছনাৰি গাৰ্ড কোৰে জনাইছে, আমেৰিকা আৰু ইজৰায়েলৰ লক্ষ্যবস্তুক টাৰ্গেট কৰি প্ৰত্যাঘাত কেতিয়া ৰখাই দিয়া হ’ব সেই সিদ্ধান্ত তেওঁলোকেই ল’ব৷ সেই অঞ্চলৰ ভৱিষ্যতো এতিয়া তেহৰানৰ হাততেই৷ ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাৰ পদত আছে আয়াতোল্লা খামেনেইৰ পুত্ৰ মোজতবা খামেনেই৷ তেওঁৰ ইংগিত যে ইমান সোনকালে আমেৰিকা-ইজৰায়েলৰ সংঘাত তেওঁলোকে শেষ নকৰে৷
কিন্তু ট্ৰাম্পৰ মন্তব্যই এতিয়া এই কথাৰ মাজতেই আওল লগাইছে৷ ট্ৰাম্পে কৈছে, ‘যুদ্ধ প্ৰায় শেষৰ পথত৷ নিৰ্ধাৰিত সময়ৰ বহু আগতেই এই যুদ্ধ শেষ হৈছে৷’ তেওঁৰ দাবী, ইৰানৰ সামৰিক শক্তি ধ্বংস হৈ গৈছে৷ তেওঁৰ নৌবাহিনী, যোগাযোগ ব্যৱস্থা বা বিমান বাহিনী বুলি আৰু কিছু অৱশিষ্ট নাই৷ ইয়াৰ কিছ সময়ৰ পাছতেই অৱশ্যে তেওঁ কয়, ‘আমি বহুধৰণেই জয়ী হৈছো৷ কিন্তু যথেষ্ট জয় এতিয়াও অহা নাই৷’
আই আৰ জি চিয়ে জনাইছে যে তেওঁলোকৰ হাতত পৰ্যাপ্ত বেলিষ্টিক আৰু ক্ৰুজ মিছাইল, ড্ৰোন আৰু যুদ্ধজাহাজ মজুত আছে যিসমূহ অস্ত্ৰৰে অন্তত ৬ মাহ যুদ্ধ চলোৱা সম্ভৱ৷ শীঘ্ৰেই তেওঁলোকে আৰু উন্নত আৰু দূৰলৈকে মাৰি পঠিয়াব পৰা ক্ষেপণাস্ত্ৰ মোতায়েনৰ ওপৰিও নতুন ৰণকৌশলো সন্মুখলৈ অনাৰ ইংগিত দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ