মধ্যপ্ৰাচ্যৰ অৱস্থা ভয়ংকৰ৷ যুদ্ধ শেষ কৰাৰ নামেই লোৱা নাই ইজৰায়েল, আমেৰিকা বনাম ইৰান যুদ্ধই৷ এক পক্ষক আঘাৰ কৰাৰ পাছত অন্য পক্ষও মনে মনে থকা নাই৷ তেওঁলোকেও ওলোটাই আক্ৰমণ চলাইছে৷ যেনেকৈ ইৰানে চৰকাৰীভাৱে জনাইছে যে যুদ্ধৰ কাৰণে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ দেশৰ অন্যতম প্ৰবীণ আৰু প্ৰভাৱশালী নেতা আলি লাৰিজনিয়ে৷ এই খবৰ নিশ্চিত কৰিছে সংবাদ সংস্থা ৰয়টাৰ্ছে৷ তেওঁলোকৰ স্থানীয় সংবাদপত্ৰৰ সূত্ৰৰ পৰাই এই খবৰ লাভ কৰিছে ৰয়টাৰ্ছে৷
ৰয়টাৰ্ছে জনাইছে, বহু দিন ধৰি লাৰিজনিৰ মৃত্যুক লৈ জল্পনা চলিছিল৷ কিন্তু মনে মনে আছিল চৰকাৰ৷ আনকি স্থানীয় মিডিয়াইয়ো এই বিষয়ক লৈ কোনো মন্তব্য কৰা নাছিল৷ শেহতীয়াকৈ তেওঁলোকে লাৰিজানিৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে৷
কিছুদিন পূৰ্বেই ইজৰাইলে লাৰিজানিৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল৷ তেহৰানত ইজৰাইলী আক্ৰমণতেই তেওঁৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল ইজৰাইলে৷ ইয়াৰোপৰি দাবী কৰা হয় যে সেই আক্ৰমণত প্ৰাণ হেৰুৱাইছে বাছিজ কমাণ্ডাৰ ঘোলামৰেজা ছোলেমানিয়েও৷
কেৱল ইজৰায়েলেই নহয় এই আক্ৰমণৰ পাছত সৰৱ হৈছে মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পো৷ তেওঁ দাবী কৰিছিল যে এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে ইৰানৰ প্ৰথম শাৰীৰ সকলো নেতাই৷ তেওঁ জনাইছে যে এই সকলো ছিনিয়ৰ নেতাৰ কাৰণে হাজাৰ হাজাৰ মানুহে প্ৰাণ হেৰুৱাইছে৷ যিসকলৰ বাবে যুদ্ধ হৈছে অৱশেষত তেওঁলোকেও প্ৰাণ হেৰুৱালে৷
এই আক্ৰমণৰ পাছত শান্ত হৈ থকা নাই ইৰানো৷ তেওঁলোকৰ পক্ষৰ পৰাও ইজৰায়েলৰ ৰাজধানী তেল আভিভক লক্ষ্য কৰি মিছাইল চলোৱা হৈছে৷ সেয়ে যুদ্ধ যে এতিয়াই শেষ নহয় সেয়া পৰিষ্কাৰ হৈ পৰিছে৷
কোন আছিল লাৰিজানি?
ইৰানৰ ৰাজনীতিত এক জনপ্ৰিয় নাম আছিল আলি লাৰজানি৷ এই ব্যক্তিয়ে ইৰানৰ সুৰক্ষা নিশ্চিত কৰাৰ বিষয়তো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ তেওঁ ছুপ্ৰিম নেশ্ব্যনেল ছিকিউৰিটি কাউন্সিলৰ প্ৰাক্তন প্ৰধান৷ তেওঁ ইৰানৰ পাৰ্লিয়ামেণ্টৰ মুখপাত্ৰ আৰু সৰ্বোচ্চ নেতাৰ খুবেই কাষৰ মানুহ আছিল তেওঁ৷
এই লাৰজানিয়ে ইৰানৰ একাধিক গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লৈছিল৷ আৰু তেওঁৰ মৃত্যু যে তেহৰানৰ পক্ষত ডাঙৰ ধাক্কা সেই কথা মানি লৈছে আন্তৰ্জাতিক ৰাজনীতি বিশেষজ্ঞৰ একাংশই৷ মূৰত ৰাখিব লাগিব, ইতিমধ্যেই এই যুদ্ধত বহু ক্ষয়ক্ষতি সহ্য কৰিছে ইৰানে৷ তেওঁলোকৰ সেনা ঘাঁটি ধ্বংস কৰা হৈছে৷ ডাঙৰ ডাঙৰ চহৰত চলিছে আক্ৰমণ৷ আনকি ইৰানৰ সৰ্বোচ্চ নেতা আলি খামেনেইয়ো প্ৰাণ হেৰুৱাইছে৷
এতিয়াও যুদ্ধ বন্ধ কৰিবলৈ ৰাজী নহয় ট্ৰাম্প৷ বৰং তেওঁ আক্ৰমণ চলাই গৈছে ইৰাণৰ ওপৰত৷ তেওঁ নাটোৰ পৰাও সহায় বিচাৰিছে৷ এতিয়াও তেওঁলোকৰ কাষত অৱশ্যে কোনো ঠিয় দিয়া নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















