আকৌ বিদেশিনীৰ প্ৰেমত হাবুডুবু খাইছে হাৰ্দিক পাণ্ডিয়াই৷ ডিভোৰ্ছৰ পাছতেই আকৌ এবা ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে হাৰ্দিকে৷ ডিভোৰ্ছৰ পাছতেই হাৰ্দিক পাণ্ডিয়াৰ নাম জড়িত হৈ পৰিছিল একাধিক সুন্দৰীৰ সৈতে৷ তাৰমাজতেই এগৰাকী হৈছে জেছমিন ৱালিয়া৷ হাৰ্দিক আৰু জেছমিন ৱালিয়াই এজনে আনজনক ডেট কৰা বুলি একাধিক খবৰ ভাইৰেল হৈছে৷ অৱশ্যে জেছমিনৰ সৈতে ক’তো কেমেৰাবন্দী এতিয়ালৈকে হোৱা নাই হাৰ্দিক৷ জেছমিন ৱালিয়াৰে সামাজিক মাধ্যমত দিয়া এক পোষ্টক লৈ সৃষ্টি হৈছে এই সকলো জল্পনাৰ৷ কাৰণ সেই প’ষ্টত হাৰ্দিক সম্পৰ্কিত কথাও উল্লেখ আছে৷
জেছমিন ৱালিয়াৰৰ প’ষ্টত হাৰ্দিক সম্পৰ্কিত মন্তব্য
জেছমিন ৱালিয়াৰ হৈছে এগৰাকী ব্ৰিটিছ গায়িকা আৰু টেলিভিছনৰ জনপ্ৰিয় চৰিত্ৰ৷ তেওঁ প্ৰায়েই ইনষ্টাগ্ৰামত তেওঁৰ মিউজিক ভিডিঅ’ শ্বেয়াৰ কৰি থাকে৷ বিগত মঙলবাৰে সন্ধিয়া জেছমিন ৱালিয়াই তেঁঁওৰ ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰিছে৷ তাতেই হাৰ্দিক পাণ্ডিয়া সম্পৰ্কিত এটা বিশেষ মন্তব্য দেখা গৈছে৷ সেই পোষ্টত এগৰাকী নেটিজেনে মন্তব্য কৰিছে, ‘এওঁ হাৰ্দিক পাণ্ডিয়াৰ নতুন পত্নী৷’
জেছমিন ৱালিয়াৰৰ এই পোষ্টত হাজাৰ লাইক কমেণ্টো আহিছে৷ ইনষ্টাগ্ৰামত জেছমিন ৱালিয়াৰে ৭লাখ ১৬ হাজাৰ ফলোৱাৰ্ছ আছে৷ ২০১৪ চনত জেছমিনে তেওঁৰ YouTube চেনেল আৰম্ভ কৰিছে৷ তাতেই তেওঁ জেক নাইট, ইনটেনছ টি আৰু অলি গ্ৰিণৰ দৰে শিল্পীৰ সৈতে কাম কৰিছে৷ ২০১৭ চনত তেওঁৰ বম ডিগি গানটো খুবেই জনপ্ৰিয় হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ