Paracetamol আমাৰ অতি পৰিচিত এবিধ ঔষধ৷ বিশেষকৈ কৰ’নাকালত ইয়াৰ গুৰুত্ব আৰু চাহিদা মাৰাত্মকভাৱে বাঢ়িছে৷ ইয়াৰোপৰি অলপ জ্বৰ হলেই বহুতে Paracetamol খায়৷ কেৱল সেয়াই নহয়, মূৰৰ বিষ, দাঁতৰ বিষ, কঁকালৰ বিষতো চিকিৎসকৰ পৰামৰ্শ অবিহনেই বহুজনে Paracetamol লয়৷ কিন্তু এয়া সঠিকনে? স্বাস্থ্যৰ বাবে Paracetamol খোৱাটো নিৰাপদনে?
চিকিৎসকে কৈছে যে অন্য আৰু পাঁচবিধ ঔষধৰ দৰে Paracetamol ৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে৷ ই প্ৰকৃততে বিষ কমোৱাৰ ঔষধ৷ জ্বৰ হলে শৰীৰৰ তাপমাত্ৰা বাঢ়ি যায়৷ সেই তাপমাত্ৰা কমাবলৈ ইয়াক কামত লাগে৷ কিন্তু এইসমূহৰ বাহিৰেও শৰীৰৰ ভিতৰত Paracetamol য়ে কেনেকৈ কাম কৰে সেই সম্পৰ্কে মানুহৰ বিশেষ ধাৰণা নাই বুলিয়েই জনাই চিকিৎসকে৷ তাৰ ফলতেই তেওঁলোকে এই ঔষধ জধেমধে খাই পেলায়৷ এই ঔষধ দোকানত প্ৰেছক্ৰিপছন অবিহনেই বিক্ৰি হয়৷ ইয়াৰ ফলত কিনোতেও বিশেষ কোনো সমস্যা নহয়৷
অতিৰিক্ত পৰিমাণে Paracetamol খালে নানান ধৰণৰ বিপদ হব পাৰে৷ জানি থওক সেইসমূহ কি কি?
কোষ্ঠকাঠিন্যৰ সমস্যা হব পাৰে৷
পেটৰ ভিতৰত ৰক্তক্ষৰণ হব পাৰে Paracetamol বেছি মাত্ৰাত খালে৷
হজমৰ সমস্যা হয়, বিপাকৰ হাৰ কমি যাব পাৰে৷
লিভাৰৰ ক্ষতি হব পাৰে৷
কিডনিৰ ক্ষতি হব পাৰে৷
চিকিৎসকে কৈছে অতিৰিক্ত মাত্ৰাত Paracetamol খালে কিডনিৰ যি ক্ষতি হয় সেয়া অতিৰিক্ত মদ্যপানৰ ফলত হোৱা কিডনিৰ ক্ষতিৰ সমান৷ এনে বহু ৰোগীক পোৱা গৈছে যাৰ কিডনি বিকলো হৈছে আৰু নিয়মিত ডায়ালিছিচ কৰিব লগাও হৈছে৷ তেওঁলোকৰ কিডনি বিকল হোৱাৰ প্রধান কাৰণেই এই Paracetamol
কিমান পৰিমাণত Paracetamol খোৱা নিৰাপদ?
এই বিষয়ত চিকিৎসকৰ স্পষ্ট গাইডলাইন আছে৷ তেওঁলোকে কৈছে এজন প্ৰাপ্তবয়স্কই ৬৫০ মিলিগ্ৰাম Paracetamol খাব পাৰে৷ দিনত Paracetamol চাৰিটা পৰ্যন্ত খাব পাৰি৷ কিন্তু তাতকৈ কমকৈ খোৱাই ভাল৷ আৰু শিশুৰ ক্ষেত্ৰত ৫০০ মিলিগ্ৰামৰ Paracetamol খুওৱাটোৱেই নিয়ম৷ এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ Paracetamol খোৱাটোৱেই শ্ৰেয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















