অসম লাইভ২৪ঃ যুদ্ধ কাৰনো ভাল লাগে। যুদ্ধৰ অন্তত নতুন প্রভাতৰ সপোন সকলোৱে দেখে যদিও যুদ্ধৰ দুৰ্বিসহ কৰি তোলে বৰ্তমানক। ভৱিষ্যতৰ সপোন দেখিব খুজিও পাহৰি যায় প্ৰত্যেকজন বাসিন্দাই। ইজৰাইল-হামাছৰ যুদ্ধত তেনে এক পৰিবেশেই বিৰাজ কৰিছে গাজাত। হেঁপাহেৰে সাজি লোৱা ঘৰ-দুৱাৰ এৰি পলায়নৰ সিদ্ধান্ত হৈছে প্ৰায়সংখ্যক বাসিন্দাই। যুদ্ধত মৃত্যু হৈছে একাংশৰ, একাংশই আকৌ যুদ্ধৰ ভয়াৱহতাৰ বাবে গাজা এৰি পলায়ন কৰিছে। মুঠতে জনশূন্য হোৱাৰ দিশে গাজা।
যুদ্ধৰ আৰম্ভনিত ৰাফাহ সীমান্তৰ পৰা মিছৰ হৈ গাজা এৰিছে প্ৰায়সংখ্যক লোকে। কিন্তু ৰাফাহ সীমান্ত যুদ্ধৰ ভয়াৱহতা বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়ে প্রশাসনে। মানুহ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰশাসনে। সূত্ৰৰ খবৰ অনুসৰি সকলো মিলি প্ৰায় ৪০০ বিদেশী নাগৰিক আৰু দ্বৈত পাছপোৰ্টধাৰীও গাজাত বন্দী হৈ আছে। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জনোৱা অনুসৰি গাজাত দুজন ভাৰতীয় নাগৰিক আছে। তেওঁলোকক আনিবৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।
বিদেশী নাগৰিকক গাজাৰ পৰা উদ্ধাৰ কৰাৰ বাবে অসুবিধাৰ সৃষ্টি হৈ থকাৰ সময়তে আশাৰ কিৰণ দেখা গৈছে। বুধবাৰে খুলি দিয়া হৈছোে গাজাৰ ভূখণ্ডৰ পৰা মিছৰৰ মাজৰ ৰাফাহ সীমান্ত ক্ৰছিঙৰ দৰ্জা। ৭অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পৰা প্ৰথমবাৰৰ বাবে খুলি দিয়া হৈছে গাজা সীমান্তৰ দৰ্জা। সংবাদ সংস্থা এএফপিয়ে জনোৱা অনুসৰি ৰাফাহ সীমান্ত খোলাৰ লগে লগেই বিদেশী পাছপোৰ্টধাৰীসকলে গাজা এৰিছে। প্ৰথম দলটোক যুদ্ধবিধ্বস্ত গাজাৰ পৰা মিছৰলৈ লৈ গৈছে প্ৰশাসনে। কাটাৰৰ মধ্যস্থতাত মিছৰ, ইজৰাইল আৰু হামাছ গোষ্ঠীৰ মাজত হোৱা এক চুক্তিৰ ফলতেই যুদ্ধৰ মাজত ৰাফাহ সীমান্ত খুলি দিয়া হৈছে।
চুক্তি অনুসৰি গাজাত থকা বিদেশী নাগৰিকে তাৰপৰা ওলাই যাব পাৰিব। গুৰুতৰভাৱে আহত ব্যক্তিক এই সীমান্ত ক্ৰছিঙেৰে মিছৰলৈ লৈ যোৱাৰ অনুমতি দিয়া হৈছে। কিন্তু এই সীমান্ত কিমানসময়ৰ বাবে খুলি দিয়া হৈছে সেই সম্পৰ্ক স্পষ্টৰূপত জনোৱা হোৱা নাই। সীমান্ত খুলি দিয়াৰ এদিনৰ ভিতৰতেই বহু লোকে গাজাৰ পৰা ওলাই যোৱাৰ দৃশ্য শ্বেয়াৰ কৰিছে মিছৰৰ কেইবাটাও টেলিভিছনে। বহুকেইখন এম্বুলেন্সো পাৰ হৈছে এই সীমান্তৰে।
বুধবাৰে গাজাৰ এক শিবিৰত ইজৰাইলী বিমান আক্ৰমণ চলিছিল। এনেদৰে দৈনিক চলি থকা আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈকে গাজা এৰিবলৈ উদ্যত হৈছে প্ৰায়সংখ্যক লোক। মঙলবাৰে ইজৰাইলে চলোৱা আক্ৰমণত গাজাত ৪৭ জন লোক নিহত হৈছে। নিহতৰ সংখ্যা দৈনিক বাঢ়িয়েই আছে। কাটাৰ, স্কটলেণ্ড, বলিভিয়াৰ দৰে কেইবাখনো দেশে ইজৰাইলে চলাই থকা এই আক্ৰমণক বিৰোধীতা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ