অসম লাইভ২৪ঃ ইজৰাইল-হামাছ যুদ্ধত এইবাৰ সোমাই পৰিছে ছৌদী-আৰৱ! ইৰাণৰ দৰেই হামাছক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰৱৰ ৰজা যুৱৰাজ মহম্মদ বিন ছলমানে! সংঘাতৰ সময়তেই বাঢ়িছে আন এক উদ্বেগ। প্ৰতিৰক্ষা বিশেষজ্ঞৰ দাবী যে এই যুদ্ধই অত্যন্ত ভয়াৱহ ৰূপ ল’ব পাৰে। ১৯৬৭ চনৰ দৰেই আকৌ এবাৰ অস্তিত্ব ৰক্ষাৰ যুঁজত নামিব লগা হ’ব পাৰে ইহুদিসকলে। ইজৰাইল-হামাছৰ যুদ্ধত এখনৰ পাছত আনখন দেশ সোমাই পৰাক লৈ শংকিত হৈ পৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলো।
চলিত বছৰৰ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান মিলিত হৈছিল। তাতেই ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিডৰ তৈয়াৰৰ পৰিকল্পনা কৰিছিল আমেৰিকাই। এই প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ পৰবৰ্তী আলোচনা ছৌদি আৰৱৰ সৈতে পৃথককৈ কৰিছিল। সূত্ৰৰ খবৰ অনুসৰি আৰৱ দেশক এই প্ৰতিৰক্ষা চুক্তিৰ কথা কৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। য’ত কোৱা হৈছে যে, ছৌদিৰ যাৱতীয় নিৰাপত্তাৰ দায়িত্ব আমেৰিকাই ল’ব। কিন্তু ইয়াৰ বিনিময়ত ইজৰাইল-পেলেষ্টাইন বিবাদত তেওঁলোক সোমাব নোৱাৰিব। কিন্তু এইবাৰ ইজৰাইলৰ ইছ্যুত ৱাছিংটন সোমাই পৰাত এই কৰিডৰৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী নহয় ছৌদীৰ যুৱৰাজ ছলমান।
উল্লেখ্য যে ছৌদী আৰৱক ইছলামৰ জন্মস্থান বুলি কোৱা হয়। এই পৰিস্থিতিত ইজৰাইল-হামাছৰ সংঘাতত আৰৱৰ দেশসমূহে পোনপটীয়াকৈ সোমাই পৰাৰ সম্ভাৱনা দেখা পাইছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। বিগত ৭ অক্টোবৰৰ পৰা গাজাষ্ট্ৰীপৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ পাছতেই ইজৰাইলেও এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ দিছে। যুদ্ধৰ সপ্তম দিনত গাজাক চাৰিদিনৰ পৰা নেতানিয়াহুৰ সেনাই ঘেৰি ৰাখিছে গাজা। এই পৰিস্থিতিত হামাছৰ কাষত থিয় দিছে ইৰাণ, ছিৰিয়া, লেবানন আৰু হিজবুল্লাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ