ভাৰতত কোটি কোটি লোকে ব্যৱহাৰ কৰে ছ’চিয়েল মিডিয়া। য’ত বিভিন্নজনে নিজৰ মন পচন্দৰ বিভিন্ন কণ্টেণ্ট বনায়, পোষ্ট কৰে, কমেণ্ট কৰে। বহু সময়ত কোনো কোনো পোষ্টে সমাজত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। এনে পোষ্টসমূহ নিয়ন্ত্ৰণ কৰিবলৈ বিগত পাঁচ বছৰত চৰকাৰে প্ৰায় ৩৬ হাজাৰ পোষ্ট ব্লক কৰিছে। এগৰাকী মন্ত্ৰীয়ে সংসদত দাখিল কৰিছে এই তথ্য।
ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ পৰা চৰকাৰে ব্লক কৰোৱায় হাজাৰ হাজাৰ পোষ্ট। সংসদত এগৰাকী মন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি এই পোষ্টসমূহ ব্লক কৰাবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰক চৰকাৰে নিৰ্দেশ দিয়ে। সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ)ৰ পৰা সৰ্বাধিক পোষ্ট আঁতৰোৱা হয়।
তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সংসদত দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়া কৰ্তৃপক্ষক মুঠ ৩৬,৮৩৮ টা লিংক ব্লক কৰোৱাৰ নিৰ্দেশ দিয়া হয়। ২০১৮ চনৰ পৰা ২০২৩ চনৰ অক্টোবৰ মাহৰ ভিতৰত এই পোষ্টসমূহ ব্লক কৰোৱা হয়।
কেৰালাৰ সাংসদ জন বৃট্টাছে সদনত কৰা প্ৰশ্নৰ উত্তৰত ৰাজীৱ চন্দ্ৰশেখৰে এই তথ্য দাঙি ধৰে। বৃট্টাছে চৰকাৰৰ তৰফৰ পৰা বিগত পাঁচ বছৰত ডিজিটেল মাধ্যমক দিয়া নিৰ্দেশৰ সংখ্যা আৰু বিতং তথ্য বিচাৰি প্ৰশ্ন উত্থাপন কৰে। যিকোনো ধৰণৰ কণ্টেণ্ট, লিংক ডিলিট কৰোৱা, সংশোধন কৰা অথবা ব্লক কৰোৱাৰ তথ্য বিচাৰে।
২০১৮ চনৰ পৰা চলিত বৰ্ষৰ অক্টোবৰ মাহলৈ কেন্দ্ৰীয় চৰকাৰে পোষ্ট ব্লক কৰোৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ভিতৰত শীৰ্ষত আছে ‘এক্স’ (পূৰ্বৰ টুইটাৰ)। পাঁচ বছৰত ‘এক্স’ৰ পৰা ব্লক কৰোৱা হৈছে ১৩,৬৬০ টা পোষ্ট। ইয়াৰ পাছতে ফেচবুকক ১০,১৯৭ টা পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিয়া হয়। ইউটিউবৰ পৰাও আঁতৰোৱা হয় কেইবাটাও ভিডিঅ’। ইনষ্টাগ্ৰামৰ পৰা ৩,০২৩ টা আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ৪,১৯৯ টা পোষ্ট ব্লক কৰাৰ নিৰ্দেশ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। বিগত পাঁচ বছৰৰ ভিতৰত ২০২০ চনত সৰ্বাধিক ৯,৮৪৯ টা পোষ্ট আঁতৰোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ