সম্পূৰ্ণ ওলট পালট এক্সিট প’ল, কাশ্মীৰ-হাৰিয়ানাত স্পষ্ট হৈ পৰিছে কোনে গঠন কৰিব চৰকাৰ
৬ অক্টোবৰ তাৰিখে বহু কেইটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক্সিট প’লত যি ভৱিষ্যতবাণী দেখা পোৱা গৈছিল, সেই ভৱিষ্যতবাণী সম্পূৰ্ণ ওলট-পালট। হাৰিয়ানাত কংগ্ৰেছ নহয় পুনৰ বিজেপিৰ উত্থান। কংগ্ৰেছৰ চৰকাৰ গঠনৰ সপোন চূৰমাৰ হৈ বহু কেইখন আসনত অগ্ৰগতি বিজেপিৰ।
দুয়োখন ৰাজ্যতে কংগ্ৰেছে লাভ কৰা আসনৰ তুলনাত বিজেপিৰ আসনৰ সংখ্যা অধিক। হাৰিয়ানাত বিজেপিৰ জয়জয়কাৰ। সম্পূৰ্ণ ফলাফল ঘোষণাৰ পূৰ্বেই বিজেপিয়ে চৰকাৰ গঠনৰ দিশে। কিয়নো চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় একক সংখ্যাগৰিষ্ঠতাতকৈ অধিক আসন বিজেপিৰ হাতত।
ভোটগণনা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কংগ্ৰেছে বিজয় উল্লাস কৰিছিল। সেই বিজয় উল্লাস বিজেপিয়ে মূহুৰ্ততে ধূলিসাৎ কৰে। এতিয়ালৈক প্ৰকাশ পোৱা ফলাফল অনুসৰি ৰাজ্য়খনৰ মুঠ ৯০ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ৪৮ খন আসন। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৩৬ খন আসন।
আৰম্ভণিৰ ভোট গণণা অনুসৰি কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছিল। যাৰ ফলত কংগ্ৰেছে মিঠাই বিতৰণ কৰি বিজয় উল্লাস উদযাপন কৰা দেখা গৈছিল। পাছে মুহুৰ্ততে সকলো সলনি হৈ পৰে। বিজেপিয়ে সলাই পেলাই সমিকৰণ লগতে দৃশ্যপট।
আনহাতে জম্মু-কাশ্মীৰতো অগ্ৰগতি বিজেপিৰ। অৱশ্যে নেশনেল কনফাৰেঞ্চ বহুখিনি আগবাঢ়ি আছে। মুঠ ৯০ আসনৰ নেশনেল কনমফাৰেঞ্চে ৪০ , বিজেপিয়ে ২৫ ,কংগ্ৰেছে ১০ আসন লাভ কৰিছে। দুয়োখন ৰাজ্যতে এক্সিট প’লৰ ভৱিষ্যতবাণী উলোটাই থৈ দিছে ভোটগণনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ