এই পৃথিৱীত অসম্ভৱ বুলি যেন একোৱেই নাই৷ এজন যুৱকে যেন পুনৰ এবাৰ এই কথাষাৰকে প্ৰমাণ কৰি দিলে৷
পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত হোৱা এগৰাকী যুৱকে অসমী একাগ্ৰতা, মনোবল, ধৈৰ্য, সাহস, কঠোৰ শাৰীৰিক অধ্যৱসায়ৰ অন্তত ভাৰতীয় সেনাত ভৰ্তি হৈ এক নজিৰ স্থাপন কৰিছে৷
যুৱকজনৰ নাম হ’ল ডেনিছ লেংগাৰ৷ উত্তৰাখণ্ড সামৰিক একাডেমীৰ ২৭ গৰাকীসফল প্ৰাৰ্থী মাজৰ এজন ৰূপে ভাৰতীয় সেনা বাহিনীলৈ বাছনি হৈছে জন্মুৰ এই ডেনিছ লেংগাৰ৷
২০১৬ চনত ডেনিছে গেলিলিয়ান বেৰে চিনড্ৰম (GBS) নামৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ বাবে ডেনিছৰ শৰীৰৰ এটা অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰে।
লগতে পঢ়ক বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!
জিবিএছ হৈছে এক বিৰল ৰোগ। এই ৰোগত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই স্নায়ুসমূহক আক্ৰমণ কৰি শৰীৰৰ সক্ষমতাত ব্যাঘাত জন্মায়। ফলত ব্যক্তিজন পক্ষাঘাতগ্ৰস্ত হৈ পৰে। সাধাৰণতে এই ৰোগৰ চিকিৎসা প্লাজমা থেৰাপীৰ দ্বাৰা কৰা হয়।
ডেনিছৰ সৰুৰে পৰা সপোন আছিল সেনাবাহিনীত যোগদান কৰি দেশ ৰক্ষাৰ কৰাৰ। কিন্তু তেওঁৰ পক্ষাঘাতগ্ৰস্ততাৰ বাবে পৰিয়ালটোৱে ধৰি লৈছিল যে ল’ৰাটোৱে কোনো কাৰণতে নিজৰ সপোন পূৰণ কৰিব নোৱাৰিব। কিন্তু ডেনিছে পৰিয়ালৰ সেই আশংকা মিছা প্ৰমাণিত কৰি নিজৰ শক্তি প্ৰমাণ কৰিছে। এতিয়া পুত্ৰৰ ফলাফলত সুখী মাতৃ অঞ্জু লেংগাৰ।
লগতে পঢ়ক ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী
মাতৃ অঞ্জুৱে ক’লে, ‘ডানিছে সৰুৰে পৰা সেনাবাহিনীত যোগদান কৰাৰ সপোন দেখি আহিছে। আমি তেওঁক মিলিটাৰী স্কুলত নামভৰ্তি কৰিব বিচাৰিছিলো। আইতাকে তীব্ৰ প্ৰতিবাদ কৰিলে। কিন্তু সেই আপত্তিক আওকাণ কৰি ডেনিছক আৰ্মি স্কুলত ভৰ্তি কৰা হয়। তাৰ পৰাই তেওঁ উত্তৰাখণ্ড মিলিটাৰী একাডেমীত উপস্থিত হয়। শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে যুঁজি অৱশেষত সি সফল হৈছে। ইয়াতকৈ ডাঙৰ একোৱেই নাই।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ