বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ
টিম ইণ্ডিয়াৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ আঘাত সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। প্ৰকাশিত বাতৰি অনুসৰি বুমৰাহক ঘৰতে বেড ৰেষ্ট ল’বলৈ পৰামৰ্শ দিয়া হৈছে।
বুমৰাহক পিঠিৰ সমস্যা হ্ৰাস নোহোৱালৈকে জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। বেগী বলাৰগৰাকীৰ সমস্যা কমি যোৱাৰ পিছতহে তেওঁৰ সুস্থতাৰ সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বলিং কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰা বুমৰাহে সেই টেষ্টৰে অন্তিম খেলত পিঠিত আঘাত পাইছিল। সেই আঘাতৰ বাবেই এতিয়া বুমৰাহক ঘৰতে থাকি সম্পূৰ্ণ জিৰণি তথা বেড ৰেষ্ট ল’বলৈ পৰামৰ্শ দিয়া হৈছে।
প্ৰতিবেদন অনুসৰি অহা সপ্তাহত বুমৰাহ বেংগালুৰুত অৱস্থিত চেণ্টাৰ অৱ এক্সেলেন্সলৈ যাব পাৰিব। অৱশ্যে এয়াও সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব তেওঁৰ পিঠিৰ বিষৰ সমস্যাৰ ওপৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ