অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত
বলীউডৰ অভিনেতা ছেইউ আলী খানত তেখেতৰ মুম্বাইস্থিত ঘৰৰ ভিতৰতে দুৰ্বৃত্তই আক্ৰমণ কৰে। ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ কৰে অভিনেতাগৰাকীক। বৰ্তমানে সংকটজনক অৱস্থাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি।
অৱশ্যে বৰ্তমানে অভিনেতাগৰাকী বিপদৰ বাহিৰত বুলি জানিব পৰা গৈছে। ছেইফৰ অস্ত্ৰোপচাৰ কৰা হৈছে। কচমেটিক চাৰ্জাৰীও কৰা হৈছে। অপাৰেচনৰ সময়ত ছৈফৰ শৰীৰৰ পৰা তিনি ইঞ্চি চোকা কোনো বস্তু এটাও আঁতৰাই দিয়া হৈছে বুলি চিকিৎসকে সদৰি কৰিছে।
প্ৰাথমিক তথ্য অনুসৰি ছেইফৰ ঘৰত নিশা প্ৰা ২.৩০ মান বজাত এজন অচিনাকি ব্যক্তি প্ৰৱেশ কৰি অভিনেতাগৰাকীক আক্ৰমণ কৰে। প্ৰথমে ঘৰৰ এগৰাকী সহায়িকাৰ সৈতে হতাহতি হৈছিল দুৰ্বৃত্তৰ। ঘটনাৰ সময়ত অভিনেতা গৰাকীৰ পৰিয়ালৰ আন একাংশ সদস্যও ঘৰটোত উপস্থিত আছিল।
যেতিয়া অভিনেতাজনে সেই হতাহতিত হস্তক্ষেপ কৰি দুৰ্বৃত্তক শান্ত কৰিবলৈ চেষ্টা কৰে তেতিয়া ছাইফ আলী খানক চুৰিৰে আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে বান্দ্ৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে জনোৱা মতে, মাজনিশা অভিনেতাজনৰ বান্দ্ৰা ঘৰত সংঘটিত হয় এই ঘটনা। আক্ৰমণৰ ফলত ছেইফৰ হাত, মেৰুদণ্ড আৰু ডিঙিত আঘাত লাগে। পত্নী কৰীণা কাপুৰ খানো পুৱা ৪.৩০ বজাত চিকিৎসালয়ত উপস্থিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ