আমি সকলোৱে আমাৰ প্ৰয়োজন অনুসৰি মোবাইলত প্লেন এক্টিভ কৰো৷ অৱশ্যে কম মূল্যত অধিক সুবিধা থকা ৰিচাৰ্জ প্লেন সকলোৰে প্ৰিয়। যদি আপুনি অধিক ডাটা বেনিফিট থকা প্লেন বিচাৰিছে আৰু বৈধতাৰ দিনৰ সংখ্যাৰ কোনো কথা নাই তেন্তে আপুনি দেশৰ অন্যতম আগশাৰীৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ৰ প্লেন এই প্লেন ল’ব পাৰে৷ ’জিঅই ২০০ টকাতকৈ কম মূল্যত আগবঢ়াইছে বিশেষ প্লেন৷ যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে ৫জি আনলিমিটেড ডাটাৰ সুবিধা লাভ কৰিব। Jio ৰ সুলভ মূল্যৰ এই প্লেনৰ বিষয়ে জানক সবিশেষ৷
২০০ টকাতকৈ কম মূল্যৰ ৰিচাৰ্জ প্লেন
১৯৮ টকীয়া প্লেন আগবঢ়াইছে ৰিলায়েন্স জিঅ’ই। এই প্লেনত আপুনি সীমাহীন 5G ডাটাৰ সুবিধা পাব। ইয়াৰ উপৰিও আন কেইবাটাও সুবিধা এই প্লেনত আছে৷ যাৰ জৰিয়তে আপুনি ফোনত কথা পতাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট ব্যৱহাৰ কৰালৈকে সকলো সুবিধাই লাভ কৰিব৷
Jio Rs 198 পৰিকল্পনাৰ সবিশেষ
ৰিলায়েন্স জিঅ’ৰ ১৯৮ টকীয়া প্লেনৰ বৈধতা ১৪ দিনৰ। এই প্লেনত ব্যৱহাৰকাৰীয়ে মুঠ ২৮জিবি ডাটাৰ সুবিধা লাভ কৰে। এই প্লেনৰ জৰিয়তে আপুনি প্ৰতিদিনে ২ জিবি ডাটা লাভ কৰিব। দুসপ্তাহৰ বাবে দিয়া প্লেনত আপুনি আনলিমিটেড কলিং আৰু ১০০ এছএমএছৰ সুবিধা লাভ কৰিব পাৰিব। কিন্তু দীৰ্ঘদিনীয়া বৈধতা থকা প্লেন বিচৰাসকলৰ বাবে এই প্লেন সুবিধাজনক নহয়৷
জিঅ’ৰ শেহতীয়া অ’টিটি বেনিফিটছ প্লেন
জিঅ’ই বিনামূলীয়াকৈ নেটফ্লিক্সৰ সৈতে দুটা ৰিচাৰ্জ প্লেন (ফ্ৰী নেটফ্লিক্সৰ সৈতে ৰিলায়েন্স জিঅ’ প্লেন) আগবঢ়াইছে। এটাৰ দাম ১২৯৯ টকা আৰু আনটোৰ দাম ১৭৯৯ টকা। দুয়োটা ৰিচাৰ্জ প্লেনত বিনামূলীয়া নেটফ্লিক্স ছাবস্ক্ৰিপছন আৰু ৮৪ দিনৰ বৈধতা উপলব্ধ।
৫জি আনলিমিটেড ডাটাৰ উপৰিও ১২৯৯ টকাৰ প্লেনত দৈনিক ২জিবি ডাটা, আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছৰ সুবিধা দিয়া হৈছে। ১৭৯৯ টকাৰ প্লেনত ৫জি আনলিমিটেড ডাটাৰ সুবিধাও উপলব্ধ। এই প্লেনত দৈনিক ৩জিবি ডাটা, আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছৰ সুবিধা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ