অসম লাইভ ২৪ঃ জীয়া খান। খুউব কম সময়ৰ ভিতৰতে স্বকীয় প্ৰতিভাৰে বলীউডত উজলি উঠিছিল অভিনেত্ৰীগৰাকী। ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰা জীয়া খানে আমিৰ খান অভিনীত ‘গজনি’, অক্ষয় কুমাৰ অভিনীত ‘হাউছফুল’ৰ দৰে কেইবাখনো ছুপাৰহিট ছবিত অভিনয় কৰিছিল। কিন্তু সকলোকে আচৰিত কৰি এদিন হঠাৎ জীয়াই কৰিছিল আত্মহত্যা। আত্মহত্যা কৰাৰ পূৰ্বেই লিখি গৈছিল ৬ পৃষ্ঠাৰ এখন ছুইচাইড নোট। জীয়া খানৰ আত্মহত্যাই তোলপাৰ লগাইছিল বলীউডত। এইগৰাকী অভিনেত্ৰীৰ জীৱনক লৈ bbc-এ নিৰ্মাণ কৰি উলিয়াইছে এখন তথ্যচিত্ৰ। তথ্যচিত্ৰখনত জীয়াৰ আত্মহত্যাৰ লগতে সুৰজ পাঞ্চলীৰ জে’ল, ফৰেনচিক ৰিপ’ৰ্ট সকলো সন্নিৱিষ্ট কৰা হৈছে। ছবিখনে মুক্তি লাভ কৰাৰ লগে লগেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ছবিখন বৰ্তমানলৈকে ভাৰতত মুক্তি দিয়া হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















