ব্যক্তিগত জীৱন সাধাৰণত গোপনে ৰখাটোৱেই ভাল৷ নিজকে ইণ্ডাষ্ট্ৰিৰ স্পটলাইটৰ পৰা দূৰৈত ৰখা এজন বলীউড অভিনেতা হৈছে জন আব্ৰাহাম৷ সম্প্ৰতি ব্যক্তিগত জীৱনৰ এটা বিশেষ কথা কৈ তেওঁ চৰ্চালৈ আহিছে৷ বহুতেই তেওঁৰ এই স্বীকাৰোক্তিক যুক্তিযুক্ত বুলিও কৈছে৷ জন আব্ৰাহামে শ্বেয়াৰ কৰিছে নিজৰ জীৱনৰ সকলোতকৈ স্মৰণীয় এক চুম্বনৰ কথা৷ সেই চুম্বন তেওঁক পত্নীয়ে দিয়া নাছিল৷ পত্নী প্ৰিয়া ৰঞ্চালৰ পৰাও ইমান আলসুৱা চুমা পোৱা নাছিল বুলি জনাইছে জনে৷ এই চুমা দিছিল এজন বলীউড তাৰকাই৷ কোন জনপ্ৰিয় অভিনেতাই জনক যাচিছিল আলসুৱা চুমা?
ঘটনাটো পাঠাৰ ছবিৰ সাফল্যৰ পাছৰ৷ পাঠানৰ উদযাপন পাৰ্টীত এই ঘটনা৷ ঘটনাটো যেতিয়া ঘটিছিল তেতিয়া শ্বাহৰুখ মঞ্চত আছিল একেসময়তে তেওঁৰ কাষত বহি আছিল দীপিকাও৷ দীপিকাৰ কাষৰ পৰা উঠি গৈ শ্বাহৰুছে স্নেহহনা চুমা আঁকি দিয়ে জনক৷ সেই স্মৃতিত ডুব গৈ জনে কয়, ‘সেয়া আছিল মোৰ জীৱনৰ বেষ্ট চুম্বন৷ কাৰণ সেই চুমা মই শ্বাহৰুখৰ পৰা পাইছিলো৷ কোনো মহিলাৰ পৰা নহয় যদিও এইয়া শ্ৰেষ্ঠ চুমা৷ সম্ভৱত মই যিমান তাৰকাৰ সৈতে পাৰ্টি কৰিছো তাৰ ভিতৰত অন্যতম হৈছে শ্বাহৰুখ৷’
জনে লগতে কয়, ‘কেনে অসাধাৰণ এজন মানুহ শ্বাহৰুখ৷ অত্যন্ত নম্ৰ আৰু মায়াবী৷ ব্যক্তিত্বও একেবাৰে অন্যধৰণৰ৷ এবাৰ মোৰ মেনেজাৰে মোক কৈছিল৷ শ্বাহৰুখেই আমাক প্ৰেম কৰিবলৈ শিকাইছে৷ এক কথাত শ্বাহৰুখ এজন পৰিপূৰ্ণ পুৰুষ৷’
উল্লেখ্য যে পাঠান ছবিত শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম আছিল প্ৰধান তিনিটা চৰিত্ৰ৷ ছবিখন মুক্তি পাইছিল ২০২৩ চনত৷ সেই বছৰৰ অন্যতমভাৱে জনপ্ৰিয় ছবি আছিল পাঠান৷ আদিত্য চোপ্ৰাৰ প্ৰযোজিত আৰু সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত এই চিনেমাত জন আব্ৰাহাম আছিল খলনায়কৰ চৰিত্ৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ