আপুনি যদি কোনো এক নিৰাপদ আৰু দুৰ্দান্ত ৰিটাৰ্ণ বিনিয়োগ পৰিকল্পনা বিচাৰিছে তেন্তে পোষ্ট অফিচৰ আৰ ডি স্কিমত আপোনাৰ বাবে আছে এক দুৰ্দান্ত বিকল্প৷ ভাৰতীয় ডাকঘৰে কেৱল তেওঁলোকৰ গ্ৰাহকক ডাক পৰিসেৱাই প্ৰদান নকৰে বৰং বেংকিং আৰু সঞ্চয় স্কিমো প্ৰদান কৰে৷ পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে জমা কৰি আপুনি পাঁচ বছৰত মোটা অংকৰ ধন জমা কৰিব পাৰে৷ বৰ্তমান এই স্কিমত বাৰ্ষিক ৬.৭শতাংশ সুদ দিয়া হয়৷
পোষ্ট অফিচ স্কিমত বিনিয়োগ কৰি কেনেকৈ লাখ লাখ টকা উপাৰ্জন কৰিব?
আৰ ডি অৰ্থাৎ ৰেকাৰিং ডিপজিটত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে জমা কৰিব পাৰে৷ এই স্কিমত আপুনি মাত্ৰ ১০০ টকা দিও বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ ইয়াত সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই৷ অৰ্থাৎ আপুনি যিমান ইচ্ছা সিমান জমা কৰিব পাৰে৷ ১০ বছৰতকৈ বেছি বয়সীয়া প্ৰত্যেকেই পোষ্ট অফিচত আৰ ডি একাউণ্ট খুলিব পাৰে৷ আপুনি বিচাৰিলে ইয়াত একক একাউণ্ট বা যৌথ একাউণ্টো খুলিব পাৰে৷
বিনিয়োগ আৰু ম্যাদপূৰ্তি
পোষ্ট অফিচৰ আৰ ডি একাউণ্ট ৬০ মাহত অৰ্থাৎ পাঁচ বছৰত পৰিপক্ক হয়৷ ধৰক আপুনি প্ৰতিমাহে ২৫০০ টকা জমা কৰিছে তেন্তে পাঁচ বছৰত মুঠ বিনিয়োগ হ’ব ২৫০০x ৬০ = ১,৫০,০০০ টকা৷
সুদ লাভ কৰিব ২৮, ৮১৮.৫৭ টকা৷
ম্যাদৰ শেষত হাতলৈ আহিব ১,৫০,০০০ + ২৮,৪১৪.৫৭ = ১,৭৮,৪১৪.৫৭ টকা৷
প্ৰতিমাহে আপুনি মাত্ৰ ২৫০০ টকাকৈ জমা কৰি পাঁচ বছৰৰ পাছত ১ লাখ ৫৭ হাজাৰ টকাতকৈ বেছি ধন জমা কৰিব পাৰে৷
পোষ্ট অফিচৰ আৰ ডি কিয় জনপ্ৰিয়?
পোষ্ট অফিচৰ আৰ ডি স্কিম বাচি ললে আপুনি বহু সুবিধা লাভ কৰিব পাৰে৷ ডাকঘৰে ভাৰত চৰকাৰৰ অধীনত কাম কৰে সেয়ে ইয়াত আপোনাৰ ধন সম্পূৰ্ণ নিৰাপদ৷ আপুনি প্ৰতিমাহে মাত্ৰ ১০০ টকা দিও বিনিয়োগ আৰম্ভ কৰিব পাৰে, যাৰ ফলত সকলোৰে বাবে ই সহজলভ্য হব৷ যদি আপোনাৰ পাঁচ বছৰৰ পূৰ্বে অৰ্থৰ প্ৰয়োজন হয় তেতিয়া তিনি বছৰৰ পাছতো আপুনি এই অৰ্থ উঠাই ল’ব পাৰে৷ যিসকলে প্ৰতিমাহে ক্ষুদ্ৰ সঞ্চয়েৰে ভৱিষ্যতৰ বাবে এক ডাঙৰ তহবিল তৈয়াৰ কৰিব খোজে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ আৰ ডি স্কিম এক চমৎকাৰ বিকল্প৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















