অসম লাইভ২৪ঃ কপিল শৰ্মা, যাৰ প্ৰধান পৰিচয়ে এজন কমেডিয়ান। কপিলে কিবা এটা কলেই লাখ লাখ মানুহৰ মুখলৈ হাঁহি এটা উভতি আহে। কপিলৰ মুখতো প্ৰায় প্ৰতি সময়তে থাকে এটি হাঁহি। কিন্তু হাঁহিৰ আঁৰত কপিলে লুকুৱাই ৰাখে মৃত্যু বাসনা। কিয় সকলোকে হঁহুৱাই ভালপোৱা কপিলে কৰিছিল আত্মহত্যাৰ পৰিকল্পনা?
সংবাদ শিৰোনামত এইকেইদিন বিশেষভাৱেই চৰ্চিত হৈছে কমেডিয়ান কপিল শৰ্মা। সদায়ে হাঁহি থকা কপিলেও কঢ়িয়াইছে ইমান বেদনা! কপিলৰ সৈতে প্ৰায় সকলো চেলিব্ৰিটিয়েই সাক্ষাতকাৰত বহে। প্ৰায়সকলেই সাক্ষাতকাৰৰ পাছতেই কয়, ‘এয়া সাক্ষাতকাৰেই নহয় এটা সুমধুৰ সময় কপিলে আমাক দিলে।’ কিন্তু এই সকলোবোৰৰ মাজত কপিলৰ এটা বিশেষ ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টো কপিল শৰ্মাৰ শ্ব’ৰেই। বলীউড চিনেমাত তেওঁ আকৌ এবাৰ অভিনয় কৰিছে। নতুন এখন ছবি অচিৰেই মুক্তি লাভ কৰিব বলীউডত। বিশেষ ছবিখনত এজন ডেলিভাৰী বয়ৰ চৰিত্ৰত অভিনয় কৰিছে কপিলে। ছবিখনৰ প্ৰচাৰত বিশেষভাৱে ব্যস্ত হৈ আছে কপিল।
ইয়াৰ পূৰ্বেও ২০১৭ চনত কপিলৰ এখন ছবি ‘ফিৰংগী’য়ে মুক্তিলাভ কৰিছিল। কিন্তু ছবিখনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিব নোৱাৰিলে। ছবিখন ফ্লপ হোৱাৰ পাছতেই মানসিকভাৱে ভাঙি পৰিছিল কপিল। নিজেই সেই কঠিন সময়ৰ কথা প্ৰকাশ কৰিবলৈ গৈ কপিলে কয়, ‘পৰিচিত মুখ হোৱাৰ বাবে কোটি কোটি মানুহে হয়তো মোক চিনিও পায়। কিন্তু ঘৰলৈ উভতি গ’লেই মই খুব অকলশৰীয়া অনুভৱ কৰো। একাকীত্বই মোক খুলি খুলি খাইছিল। জীৱনত একোৱেই স্থায়ী নহয়। সুখ দুখ সকলোবোৰেই খন্তেকীয়া। সেই সময়ত মোৰ নিজকে শেষ কৰি পেলাবলৈকে মন গৈছিল। মনলৈ বাৰে বাৰে এটা কথাই আহিছিল মোৰ কোনো নাই। দুখ-কষ্ট ভগাই ল’বলৈ কাষত কোনোৱেই নাই। সেই ঠাইৰ পৰা মই আকৌ উঠিছো। মানসিকভাৱে মই শক্তিশালী হৈছো সেই পৰিস্থিতিৰ পাছৰে পৰাই।’
সেই পৰিস্থিতিৰ পৰা ওলাই আহি এইবাৰ কপিলে আকৌ এবাৰ ছবি কৰিছে। পৰিচালক নন্দিতা দাসৰ ছবিত অন্যৰূপত ধৰা দিছে কপিলে। কপিলে অভিনয় কৰা ছবিখন ইতিমধ্যে Toronto International Festival-তো প্ৰদৰ্শন কৰিছে। শেহতীয়াভাৱে ছবিখন ট্ৰেইলাৰো মুকলি হৈছে। অৱশ্যে ছবিখন দৰ্শকে আদৰি ল’বনে সেয়াহে এতিয়া কপিলৰ বাবে মুখ্য বিষয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















