অসম লাইভ ২৪ : পুনৰ মাক হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ। দেওবাৰে পুনৰ এজন পুত্ৰ সন্তান আহিল বলীউডৰ জনপ্ৰিয় যুটি ছেঈফ আলী খান আৰু কৰীণা কাপুৰ খানৰ কোলালৈ। কৰীণাৰ সম্পৰ্কীয় ভগ্নী ৰিধিমা কাপুৰে এক টুইটৰ জৰিয়তে সকলোকে জানিবলৈ দিয়ে এই সুখবৰটো। খবৰটো বিয়পি পৰাৰ লগে লগে অনুৰাগীয়ে ছ’চিয়েল মিডিয়া ভৰাই পেলাইছে শুভেচ্ছাৰে। টুইটাৰৰ ১ নম্বৰত ট্ৰেণ্ড কৰিছে কৰীণাই। ছেঈফ আৰু কৰীণাৰ পুত্ৰক চাবলৈ উদগ্ৰীৱ হৈ আছে অনেক। উল্লেখযোগ্য যে, ছেঈফ আৰু কৰীণাৰ প্ৰথম সন্তান টাইমুৰ সামাজিক মাধ্যমত সৰুৰে পৰাই জনপ্ৰিয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ