অসম লাইভ ২৪ : পুনৰ ভাৰতৰ এখন ৰাজ্যত হ’ব পাৰে লকডাউন। ৰাজ্যখনত শেহতীয়াকৈ বাঢ়ি অহা ক’ৰোনা সংক্ৰমণ বাবে পুনৰ লকডাউন দিনাৰ আশংকাই দেখা দিছে। অৱশ্যে সেই ৰাজ্যখন অসম নহয়। মহাৰাষ্ট্ৰতহে পুনৰ হ’ব লকডাউন। শনিবাৰৰ দিনটোতে মহাৰাষ্ট্ৰত ৬,২৮১জন লোকৰ ক’ৰোনা সংক্ৰমিত হৈছে। ইয়াৰে ৪০জন লোকৰ মৃত্যুও হৈছে। ৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি হোৱা ক’ৰোনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ বাবে পুনৰ লকডাউন দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে। আজি বিয়লি ৭ বজাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ৰাজ্যবাসীক সম্বোধন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ