অসম লাইভ ২৪ জনতাৰ ৰক্ষকে হৈ পৰিছে জনতাৰ ভক্ষক ৷ জনতাৰ নিৰাপত্তাৰ কথা চিন্তা কৰিব লগা আৰক্ষীয়ে এইবাৰ নাবালিকাক অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ব লগা হ’ল ৷
কৰিমগঞ্জত সংঘটিত হৈছে এনেকুৱা এক ঘটনা ৷ কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথৰ নাম সাঙোৰ খাইছে এই কাণ্ডত ৷
অভিযোগ অনুসৰি, ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকাক ফোনযোগে অশ্লীল মন্তব্য আগবঢ়াইছিল উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথে ৷ যাৰবাবে নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে শীৰ্ষ আৰক্ষীৰ হাতত উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছিল ৷ অভিযোগৰ ভিত্তিতে শীৰ্ষ বিষয়াই ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ