অসম লাইভ২৪ঃ নাগাৰ নাম গাই ৰাজ্যতেই পৰিচিত নাম হৈ পৰিছে কৰিশ্মা নাথ৷ দৰঙীয়া ছোৱালী কৰিশ্মা৷ পোনতে নাগাৰা নাম সমাজলৈ উলিয়াই আনিছে বুলি ৰাজ্যৰ বহুসংখ্যক লোকেই কৰিশ্মাক বাহ বাহ দিলে৷ তাৰপিছতেই জাঙোৰ খাই উঠিল নাগাৰা নাম সমাজ৷ নাই, কৰিশ্মাই গোৱা পে পে পে পে নাগাৰা নাম হ’বই নোৱাৰে৷ কৰিশ্মাই এয়া একেবাৰেই বিকৃত কৰি পেলাইছে৷ কিন্তু সামাজিক মাধ্যমত সকলোবোৰ ট্ৰেণ্ডেই মাত্ৰ দুদিনীয়া ধুমুহা৷ সময়ৰ লগে লগে এয়া তল পৰিল৷ কৰিশ্মা মাজে মধ্যে সামাজিক মাধ্যমত ওলাই থাকিলেও ৰাইজৰ সেই বিষয়ত বিশেষ আকৰ্ষণ দেখা নগ’ল৷ কৰিশ্মাই কিন্তু নিজা ধাৰা অব্যাহত ৰাখি নাগাৰ নাম নহয় বুলি দাবী কৰা সেই বিশেষ নাগাৰা নাম গায়েই থাকিল৷
আজি আকৌ এবাৰ কৰিশ্মাই সংবাদ শিৰোনাম দখল কৰিছে৷ এইবাৰ বিতৰ্কৰ কাৰণ পে পে পে পে নহয়৷ এইবাৰ কৰিশ্মা সাঙোৰ খাইছে গামোচা বিতৰ্কত৷ নাগাৰা নাম পৰিবেশন কৰি থাকোতে ভৰিৰে গামোচাখন থেলি দিয়াৰ বাবেই এই বিতৰ্কত সোমাই পৰিল কৰিশ্মা৷ কৰিশ্মাই নিজা কৰিশ্মা দেখুওৱাবলৈ গৈ বৰতাল বজাইছিল৷ বৰতাল বজাওঁতেই কৰি পেলালে নকৰিবলগীয়া এটি কাম৷ হাতত তালযোৰ লৈ থকা হেতুকে কাষতে পৰি থকা গামোচাখন ভৰিৰেই ঠেলি আঁতৰাব খুজিছিল কৰিশ্মাই৷ এই দৃশ্য লগে লগেই কাৰোবাৰ কেমেৰাত বন্দীও হ’ল৷
কৰিশ্মা যিতেতু সামাজিক মাধ্যমৰ জৰিয়তে সকলোৰেই পৰিচিত হৈ পৰিছে৷ সেয়ে কৰিশ্মাৰ নাগাৰা নামৰ কৰিশ্মা চাবলৈকে অসমৰ সকলো প্ৰান্ততেই কৰিশ্মাক চাবলৈ ভিৰ কৰে জনতাই৷ কাষৰ পৰা এবাৰ চোৱাৰ হেঁপাহ এটা অলক্ষিতে বহুতেই হয়তো পুহিও ৰাখে সেয়ে কৰিশ্মাৰ প্ৰত্যেকটো অনুষ্ঠানতেই ভিৰ হৈ পৰে৷ এইবাৰো মাজুলীত যথেষ্ট সংখ্যক লোকেই এই অনুষ্ঠান চাবলৈ ভীৰ কৰিছিল৷ তাতেই ঘটিল এই অঘটন৷ ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই কৰিশ্মাই ভৰিৰে গামোচাখন আঁতৰাই দিয়াটোত জাঙুৰ খাই উঠিল বহুজন৷ ৰাজ্যজুৰি বিষয়টোক লৈ প্ৰতিক্ৰিয়া হোৱাৰ পাছতেই ক্ষমা খুজিছে কৰিশ্মাই৷
কৰিশ্মাই ক্ষমা খোজাৰ পাছতেই বহুতেই সামাজিক মাধ্যমত দাঙি ধৰিছে প্ৰতিক্ৰিয়া৷ একাংশই লিখিছে, ‘কৰিশ্মাৰ প্ৰতিভাৰ আমি শলাগ লৈছো৷ কিন্তু প্ৰতিভাৰ অপব্যৱহাৰ কৰিলে অসমবাসীয়ে যেনেকৈ উঠাইছে তেনেকৈ নমাই দিবলৈয়ো কিন্তু বেছি সময় নালাগিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















