অসম লাইভ২৪ঃ উত্তৰ আৰু পশ্চিম ভাৰতৰ হিন্দু বিবাহিত মহিলাসকলৰ বাবে অন্যতম বৃহৎ ধৰ্মীয় উৎসৱ হৈছে কৰৱা চৌথ। স্বামীৰ বাবে দীৰ্ঘ জীৱন কামনা কৰি এই দিনটোত উপবাসে থাকে বিবাহিত মহিলাসকল। দিনটো উপবাসে থাকি সন্ধিয়া চন্দ্ৰ ওলোৱাৰ পাছত উপবাস ভংগ কৰে। কৰৱা চৌথত দেৱী গৌৰীৰ পূজা কৰিলে স্বামীৰ স্বাস্থ্য ভালে থাকে বুলি লোকবিশ্বাস। আজি ১ নৱেম্বৰ বুধবাৰে পালিত হৈছে এই উৎসৱ। কৰৱা চৌথত চন্দ্ৰৰ বিশেষ গুৰুত্ব আছে। সন্ধিয়া চন্দ্ৰ ওলোৱাৰ পিছত উপবাস ভংগ কৰে। আজি দেশৰ কোন চহৰত কেতিয়া চন্দ্ৰ ওলাব জানি থওক সবিশেষ তথ্য।
অসম- ৭.৪৫ মিনিট
কলকাতা-৭.৪৬ মিনিট
নতুন দিল্লী-৮.১৫ মিনিট
নয়ডা- ৮.১৪মিনিট
গুৰুগ্ৰাম-৮.১৬ মিনিট
মুম্বাই- ৮.৫৯ মিনিট
চেন্নাই-৮.৪৩ মিনিট
লক্ষ্নৌ-৮.০৫ মিনিট
আগ্ৰা-৮.১৬ মিনিট
হিমাচল প্ৰদেশ-৮.০৭ মিনিট
ভোপাল- ৮.২৯ মিনিট
পাটনা-৭.৫১ মিনিট
জয়পুৰ-৮.২৬ মিনিট
চণ্ডীগড়-৮.১০ মিনিট
পুনে-৮.৫৬ মিনিট
আলিগড়-৮.১৩ মিনিট
পানাজী-৯.০৪ মিনিট
কেনেকৈ কৰৱা চৌথৰ পূজা কৰিব?
কৰৱা চৌথৰ ব্ৰত পালন কৰিবলৈ হ’লে মহিলাসকলে পুৱতি নিশাই টোপনিৰ পৰা উঠি গা ধুৱ লাগে।
সূৰ্যোদয়ৰ আগতেই দৈ চিৰাৰ দৰে নিৰামিষ শুদ্ধ আহাৰ গ্ৰহণ কৰিব লাগে।
তাৰপিছতেই দিনটো কোনো খাদ্য বা পানী গ্ৰহণ নকৰাকৈ থাকিব লাগে।
আৱেলি পূজাৰ ভোগ প্ৰস্তুত কৰে। এই ভোগৰ ভিতৰত থাকে খিচিৰি, চব্জি, লুচি, হালুৱা, পায়স আদি।
সন্ধিয়াৰ ভাগত ৰঙা শাৰী বা ৰঙা লেহেঙ্গা, চেলোৱাৰ পৰিধান কৰি পূজাৰ বাবে প্ৰস্তুত হয়। সোনৰ অলংকাৰো বহুতে পৰিধান কৰে। মহিলাসকলে সম্পূৰ্ণৰূপে সাজিকাচিহে এই পূজা কৰে।
মাটিৰ লোটাত পানী ভৰাই তাত তিলক লগাই দেৱী গৌৰীৰ মূৰ্তীৰ কাষতে থোৱা হয়। এই ছবিত সেন্দুৰৰ ফুট আৰু ফুলৰ মালাও দিয়া হয়।
এখন কাহীত সকলো ভোগ আৰু দক্ষিণা লগতে এখন নতুন শাৰী দি সেই কাঁহী শাহুৱেকক নিবেদন কৰে।
চৌথ মাতাৰ ওচৰত স্বামীৰ মঙ্গল কামনা কৰি পূজা আগবঢ়োৱা হয়।
ইয়াৰ পাছতেই পানীৰ লোটাৰ পৰা পানী চন্দ্ৰক উদ্দেশ্যি আগবঢ়োৱা হয়। আৰু এখন চালনীৰ মাজেৰে স্বামীৰ মুখ দৰ্শন কৰিব।
স্বামীৰ ভৰি চুই সেৱা কৰি আশীৰ্বাদ লৈ উপবাস ভংগ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ