ভয়াৱহ সন্ত্ৰাস আকৌ উভতি আহিছে কাশ্মীৰলৈ৷ কাশ্মীৰত এতিয়া সন্ত্ৰাসবাদীৰ টাৰ্গেট ফুৰিবলৈ অহা পৰ্যটক প্ৰেমিক-প্ৰেমিকাসকল৷ ধৰ্মীয় পৰিচয় সুধি সন্ত্ৰাসবাদীয়ে এইবাৰ টাৰ্গেট কৰিছে পৰ্যটকক৷ এই আক্ৰমণত এতিয়ালৈকে মৃত্যুৰ মুখত পৰিছে মুঠ ২৮গৰাকীকৈ পৰ্যটক৷ এই নিৰীহ পৰ্যটকক কিয় টাৰ্গেট কৰি লোৱা হৈছে সেই কথা এতিয়াও স্পষ্ট নহয় যদিও ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে সেনাৰ পোছাকেৰে আহিছে সন্ত্ৰাসবাদীসকল৷
সূত্ৰৰ খবৰ অনুসৰি গুলি চলোৱাৰ পূৰ্বে সন্ত্ৰাসবাদী দলে পৰ্যটকক ধৰ্মীয় পৰিচয় সুধিছে৷ বৈছৰণ উপত্যকাত থকা ৰিজৰ্টত লস্কৰ সন্ত্ৰাসবাদীয়ে নেৰানেপেৰাকৈ গুলিচালনা কৰিছে৷ কাশ্মীৰৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ চিকাৰ হৈছে পৰ্যটক৷ এই ঘটনাক লৈ উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে শ্ৰীনগৰলৈ ৰাওনা হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ৷ ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়েও কৰিছে বিশেষ টুইট৷ প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ জনাইছে যে সফল নহ’ব তেওঁলোকৰ উদ্দেশ্য৷ দোষীক এৰি দিয়া নহব৷ সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ আৰু শক্তিশালী হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















