কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছেৰেকীয়া জুই। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃণভূমি। আচলতে প্ৰতিবছৰে ফেব্ৰুৱাৰী – মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যানখনত কৰা হয় কন্ট্ৰ’ল বাৰ্ণিং। কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহ-বন। যিহেতু ওখ ঘাঁহ-বন তৃণভোজী বন্যপ্ৰাণীৰ বাবে অনুপযোগী হোৱাৰ লগতে তাৰ মাজত গা কৰি উঠা কাঠনিয়ে তৃণভোজী প্ৰাণীৰ সংৰক্ষণত বাধাৰ সৃষ্টি কৰে। সেয়েহে উদ্যান কৰ্তৃপক্ষই প্ৰতিবছৰে চলাই যায় এই প্ৰক্ৰিয়া। অৱশ্যে বৰ্তমান সময়ত বন্যজন্তুসমূহৰ কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নোহোৱাকৈ খণ্ড খণ্ডকৈ ঠাইসমূহ ভাগ কৰি চলাই গৈছে এই প্ৰক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















