অসম লাইভ২৪ঃ আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহ। কেলেণ্ডাৰত ফেব্ৰুৱাৰী মাহ মানেই প্ৰেমৰ দিন উদযাপনৰ বিশেষ সময়। ফেব্ৰুৱাৰী মাহ মানেই ভেলেণ্টাইন ডে। এই মাহত বহুতেই নিজৰ সংগীৰ সৈতে সময় কটায়, ফুৰিবলৈ যায়। সংগীৰ সৈতে সময় কটোৱাক পূৰ্বেই জানি থওক আপোনাৰ সংগীৰ ৰাশি কি? আপুনি যদি মেষ ৰাশিৰ জাতকৰ সৈতে প্ৰেম কৰিছে তেন্তে আপোনাৰ সংগীৰ চৰিত্ৰ কেনে, শাস্ত্ৰই কি কয় সবিশেষ পূৰ্বেই জানি থওক।
মেষ ৰাশিৰ বৈশিষ্ট্য
মেষ ৰাশিৰ গ্ৰহ অধিপতি হৈছে মঙ্গল। এওঁলোকৰ উপাদান হৈছে আগুন বা জুই। মেষ ৰাশিৰ জাতক অত্যন্ত আৱেগপ্ৰৱণ আৰু এডভেঞ্চাৰ প্ৰিয় হয়। এওঁলোকে সংগীৰ দায়িত্ব লোৱাত অত্যন্ত ভাল। অৱশ্যে ইয়াৰ সৈতে এই ৰাশিৰ জাতক প্ৰচণ্ড মেজাজি হয়। এওঁলোকৰ মেজাজ মানি চলাত সংগীৰ খুবেই অসুবিধা হয়।
অত্যন্ত সৎ
মেষ ৰাশিৰ জাতকসকল অত্যন্ত সৎ। এওঁলোকে যাক ভালপায় সকলো কথাই মুক্তভাৱে প্ৰকাশ কৰি দিয়ে। যি ভাৱে সকলো মুখেৰে কৈ পেলায়। সংগীৰ কিছু কথা বেয়া পালেও মুকলিকৈ কৈ দিয়াৰ বাবে সমস্যাতো পৰে। আপোনাৰ সংগী যদি মেষ ৰাশিৰ জাতক তেন্তে আপুনি প্ৰতিসময়তে কেৱল আপোনাৰ প্ৰশংসাই শুনি থাকিব বুলি আশা নাৰাখিব।
আশাবাদী
সহজে কোনো কাম বা কথাত হাৰি নাযায় মেষ ৰাশিৰ জাতক। বেয়া কিবা ঘটনা ঘটিলে তাৰ মাজতো ভালৰ সন্ধান কৰে মেষ ৰাশিৰ জাতকে। আপোনাৰ মন বেয়া হ’লে মেষ জাতকৰ সংগীৰ পজিটিভ কথাই আপোনাৰ নতুন সময়ৰ সন্ধানত সহায় কৰিব। বেয়া সময়তো এওঁলোকৰ মুখত হাঁহি থাকে।
চেলেঞ্জ গ্ৰহণ
চেলেঞ্জ লৈ ভালপায় মেষ ৰাশিৰ জাতকে। এওঁলোকে সকলোসময়তে নতুন কিছু কাম হাতত লৈ ভালপায়। মেষ ৰাশিৰ জাতকৰ সৈতে জীৱনটো কাহানিও আমনিদায়ক নহয়। যদি কোনো কাম কৰিলে আপুনি সফল নহয় তেন্তে মেষৰ জাতকে কামটো সহজে এৰি নিদিয়ে তাৰ সলনি সৰ্বতোপ্ৰকাৰে কৰিবলৈ যত্ন কৰে।
ইগৰ সমস্যা
অহংকাৰ অৱশ্যে থাকে। এওঁলোকৰ ইগত আঘাত কৰিলে ভয়ানক ৰূপ ল’ব পাৰে। এওঁলোকে সকলো সময়তে নিজকে বিশেষ কৰি ৰাখে। সেই কাৰণেই এওঁলোকে ইগ হাৰ্ট হ’লে আক্ৰমণাত্মক হৈ উঠে।
অধৈৰ্য্য
ধৈৰ্য্যৰ অভাৱ থাকে মেষ ৰাশিৰ জাতকৰ। এওঁলোকে কোনো সিদ্ধান্ত লওঁতে খৰধৰো কৰে। সংগীৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱাতকৈ সকলো সিদ্ধান্ত প্ৰায় নিজেই লয়।
শাৰীৰিক ঘনিষ্ঠতা
আৱেগপ্ৰৱণ আৰু এডভেঞ্চাৰ প্ৰিয় মেষ ৰাশিৰ জাতকৰ যৌন জীৱনো বিশেষ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ