নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী কৰ্মচাৰীক আশ্বাৰ্যান্বিত কৰি বিলাসী বাহন মাৰ্ছিডিছ-বেঞ্জ জিএলএ ক্লাছ ২০০ ডি উপহাৰ দিছে এগৰাকী ব্যৱসায়ীয়ে৷
কেৰেলাৰ এ কে ছাজি নামৰ ব্যৱসায়ীজনে যোৱা ২২ বছৰে তেওঁৰ প্ৰতিষ্ঠানত কৰ্মৰত অনিষ নামৰ মুখ্য ব্যৱসায়িক বিষয়াজনক আচম্বিত কৰি এই উপহাৰ প্ৰদান কৰিছে৷
MyG নামৰ প্ৰতিষ্ঠানটোৰ গৰাকী চাজিয়ে তেওঁৰ প্ৰতিষ্ঠানত যোৱা ২২ বছৰে অতি বিশ্বস্ততাৰে কাম কৰি অহাৰ বাবে এই বিলাসী বাহনখন উপহাৰ দিয়া বুলি উল্লেখ কৰিছে৷
‘‘মৰমৰ অনি… যোৱা ২২ বছৰে, তুমি মোৰ বাবে এটা অতি শক্তিশালী স্তম্ভ হৈ আছা৷ আশা কৰিছো, এই নতুন সংগীক তুমি ভাল পাবা৷’’ উপহাৰৰূপে প্ৰদান কৰা বিলাসী বাহনখন ইনষ্টাগ্ৰামত আপলোড কৰি প্ৰতিষ্ঠানটোৰ গৰাকী চাজিয়ে লিখিছে৷
প্ৰতিষ্ঠানটোৰ গৰাকীয়ে লগতে লিখিছে, ‘‘আমি সংগীহে, তেওঁ মোৰ কৰ্মচাৰী নহয়৷ মই বহুত সুখী৷ এইটো গৌৰৱৰ মুহূৰ্ত৷ অনিয়ে যোৱা ২২ টা বছৰে মোৰ লগত আছে৷ আশা কৰিছো, এই বছৰতে আমি আমাৰ আৰু সংগীক বাহন উপহাৰ দিবলৈ সক্ষম হ’ম৷’’
কেৱল এইবাৰেই নহয় কেৰেলাৰ ক’ঝিকড়ে জিলাৰ চাজিয়ে দুবছৰ পূৰ্বেও তেওঁৰ ছগৰাকী কৰ্মচাৰীক বাহন উপহাৰ দিছিল৷
উল্লেখ্য যে ২০১৮ চনতো গুজৰাটৰ এগৰাকী হীৰা ব্যৱসায়ীয়ে তেওঁৰ ৬০০ কৰ্মচাৰীক দেৱালী উপলক্ষ্যে বাহন উপহাৰ দি সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল৷ চভজী ঢুলাকিয়া নামৰ উক্ত ব্যৱসায়ীজনে আনকি তিনিগৰাকী বিশেষ কৰ্মচাৰীক ৩ কোটি টকীয়া তিনিখন মাৰ্ছিডিছ-বেঞ্জ জিএলছ এছইউভি বাহনো উপহাৰ হিচাপে প্ৰদান কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ