বৈদিক জ্যোতিষ অনুসৰি ৰাহু আৰু কেতু হৈছে ছায়া গ্ৰহ৷ এই দুই গ্ৰহই এটা এটা ৰাশিত ১৮ মাহ ধৰি অৱস্থান কৰে আৰু এয়া সকলো সময়তে বক্ৰী চলনত থাকে৷ বৰ্তমান কেতু আছে সিংহ ৰাশিত৷ সিংহ ৰাশিত থাকিয়েই আগন্তুক ২৯ মাৰ্চত কেতুৰ নক্ষত্ৰ পৰিবৰ্তন হব৷ সেই দিনাই পুৱা ৪বাজি ৪৯ মিনিটত কেতুৱে মঘা নক্ষত্ৰত গোচৰ কৰিব৷ ৫ ডিচেম্বৰ পৰ্যন্ত মঘাতেই থাকিব ছায়া গ্ৰহ কেতু৷ ৮ মাহ ধৰি কেতুৱে মঘা নক্ষত্ৰত গোচৰ কৰি ভাল সাফল্য আৰু উন্নতি কঢ়িয়াই আনিব ৫ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক কেতুৰ গোচৰত লাভৱান হ’ব কোন কোন?
বৃষ ৰাশি
মঘা নক্ষত্ৰত কেতুৰ গোচৰৰ ফলত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক পৰিস্থিতিত হঠাৎ পৰিবৰ্তন আহিব৷ উচ্চপদত মোটা দৰমহাৰ চাকৰি পাব পাৰে৷ ব্যৱসায়ত চকুতলগা উন্নতি হব৷ মনত শক্তি বাঢ়িব৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷
কৰ্কট ৰাশি
কেতুৰ গোচৰৰ ফলত দীৰ্ঘম্যাদি লাভ হব কৰ্কট ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি চাকৰি আৰু ব্যৱসায়ত চকুতলগা উন্নতি কৰিব৷ সম্পদৰ পৰিমাণ বাঢ়িব৷ বিনিয়োগ লাভজনক হব৷ সমাজত সন্মান বাঢ়িব আৰু আধ্যাত্মিক চিন্তাৰ বিকাশ ঘটিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















