অসম লাইভ২৪ঃ শৰীৰত পানীৰ পৰিমান সদায়ে পৰ্যাপ্ত ৰাখিব লাগে। মল-মূত্ৰজনিত সমস্যাই দেখা দিলে, তলপেট, কঁকাল আদিত বিষ অনুভূত হ’লে সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন। কিন্তু গৰমৰ দিনত পৰ্যাপ্ত পানী খালেও শৰীৰত পানীৰ পৰিমান ঠিকে নাথাকে। পৰ্যাপ্ত পানী খালে কিডনীত পাথৰ হ’লেও প্ৰস্ৰাৱৰ সৈতে ওলাই আহে। কিন্তু পাথৰ নহ’বলৈ পূৰ্বৰে পৰা কি কি সাৱধানতা লোৱাটো জৰুৰী?
পৰ্যাপ্ত পৰিমানে পানী খোৱা
পানী যিমান পাৰে বেছিকৈ খাব লাগে। আকাৰত সৰু হ’লে পাথৰসমূহ প্ৰস্ৰাৱৰ সৈতে ওলাই আহে। যিসকলে দিনে ১ গ্লাছ পানী খায় আৰু আৰু যিসকলে ২৫ গ্লাছ পানী খাই এই দুজনৰ মাজত দ্বিতীয়জনৰ কোৱাণ্টাম অফ ইউৰিণ প্ৰডাকশ্বন বেছি৷ ফলত দ্বিতীয়জনৰ প্ৰস্ৰাৱৰো বেগ বেছি৷ এনেকৈ প্ৰস্ৰাৱৰ বেগ বেছি হ’লে সৰু পাথৰ হ’লে প্ৰস্ৰাৱৰ লগতেই বাহিৰ হৈ যায়৷
পৰ্যাপ্ত পৰিমানে প্ৰটিন খাব লাগে
প্ৰটিন বুলিলে পোনতে আছে মাছ, মাংস, কণী আদি৷ চিকিৎসকৰ মতে এইসমূহৰ ওপৰত ভৰষা কৰাতকৈ উদ্ভিতজাত প্ৰটিনৰ ওপৰত ভৰষা ৰখাটো ভাল৷
নিমখ খোৱা কমাব লাগে
এই সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে নিমখ খোৱা কমাব লাগে৷ অৰ্থাৎ ছডিয়াম গ্ৰহণৰ পৰিমান কমাব লাগে৷ এই ক্ষেত্ৰত বাহিৰৰ খাদ্য, পেকেটজাত খাদ্য খোৱাৰ পৰিমান কমাব লাগে৷
কেলছিয়াম জৰুৰী
কেৱল হাড়ৰ বাবেই নহয় কিডনীৰ বাবেই অত্যন্ত প্ৰয়োজনীয় হৈছে কেলছিয়াম৷ শৰীৰত যদি পৰ্যাপ্ত কেলছিয়াম থাকে তেনেহলে কিডনীত পাথৰ হোৱাৰ পৰা ৰক্ষা পোৱা যায়৷ এই ক্ষেত্ৰত বাহিৰৰ পৰা কেলছিয়াম ঔষধ সেৱন কৰাৰ সলনি গাখীৰ, পনীৰ আদি খোৱাটো জৰুৰী৷
অক্সালেটযুক্ত খাদ্য সেৱন কৰিব
পালেং, বিট, বাদামৰ দৰে খাদ্য অক্সালেটৰ পৰিমান বেছি৷ সেয়ে এইসমূহ খাদ্য খাদ্যৰ তালিকাত ৰখাটো প্ৰয়োজন৷ নেমু, কমলাটেঙা, আঙুৰ, ব্লু-বেৰি জাতীয় খাদ্য ছাইট্ৰিক এছিড সমৃদ্ধ সেয়ে এনেসমূহ খাদ্য সেৱন কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ