অসম লাইভ২৪ঃ লাহে লাহে বতাহ বলিছে। ক’লা ৰঙৰ লেডাৰ জেকেট। চাৰিওফালে স্তব্ধতা। ঘড়ীত ছেকেণ্ডৰ কাঁটা ক্ৰমশ আগুৱাইছে। সকলোৱে অপেক্ষা কৰিছে কি হ’ব? কি হ’ব? নিস্তব্ধতা ভাঙি হঠাৎ হাততালিৰ শব্দ। কাৰণ স্ক্ৰিণত তেতিয়া ভাইজান। শুকুৰবাৰে মুক্তিলাভ কৰিছে ছলমান খানৰ চিনেমা ‘কিছি কা ভাই কিছি কি জান’। ছলমানক পাঠানৰ কেমিঅ চৰিত্ৰটো দেখাৰ পাছতেই বহুতে অপেক্ষা কৰিছিল ঈদলৈ। অপেক্ষাৰ ক্ষণ শেষ কৰি ভাইজানৰ চিনেমা আহিল। ৪ বছৰৰ অন্তত চিনেমা মুক্তি দিছে ভাইজানে। অটিটিত নহয় শুকুৰবাৰে প্ৰেক্ষাগৃহত মুক্তি পাইছে ফাৰহাদ সামজি পৰিচালিত ‘কিছি কা ভাই কিছি কি জানে’। ছলমানৰ উপৰিও ছবিখনত আছে কেইবাখনো নতুন মুখ।
ঈদৰ উপহাৰ হিচাপে আগবঢ়োৱা ছবিখন চাই সুখীনে জনতা?
গ্ৰেণ্ড এণ্ট্ৰিৰ পৰা আৰম্ভ কৰি ভাইজানৰ জোৰদাৰ সংলাপ। তামিল ছবিৰ অনুকৰণ কৰি ছবিখন কৰা হৈছে যদিও প্ৰযোজনাত চিত্ৰনাট্যৰ মাজত কিছু সালসলনি ঘটিছে। ছলমানৰ ৰূপতো কিছু সালসলনি ঘটিছে। ছবিখনত দীঘল চুলিত দেখা গৈছে ছলমানক।
ছবিখনত ছলমানৰ চৰিত্ৰৰ বাবে বেলেগ কোনো নাম দিয়া হোৱা নাই। অনুৰাগীসকলে ছলমানক দিয়া নাম ‘ভাইজান’ নামটোৱেই নিজৰ বাবে বাছি লৈছে ছলমানে। আঢ়ৈ ঘণ্টাৰ ছবিখনে প্ৰথম দিনটোত উপাৰ্জন কৰিছে প্ৰায় ১২.৫ কোটি। দেশৰ ৪৫০০ পৰ্দাত মুক্তিলাভ কৰিছে ছবিখনে। বিদেশতো ১২০০ স্ক্ৰিণত মুক্তিলাভ কৰিছে ভাইজানৰ চিনেমাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















