জিঅ’, এয়াৰটেল আৰু ভডাফোন তিনি সংস্থাই বঢ়াইছে ৰিচাৰ্জৰ দাম৷ ফলত এতিয়া মোবাইল চলাবলৈ খৰচ হ’ব বেছি টকা৷ কিন্তু সমস্ত ৰিচাৰ্জৰ দাম অপৰিবৰ্তিত ৰাখিছে BSNLয়ে৷ দামৰ বাবেই এতিয়া বহুতে পোৰ্ট কৰি নতুন BSNL চিম উলিয়াব বিচাৰিছে৷ কিন্তু এইক্ষেত্ৰত জানি থওক সম্প্ৰতি কি নিয়ম অনুসৰণ কৰি চিম পোৰ্ট কৰিব পাৰিব?
নতুন MNP নিয়ম
টেলিকম ৰেগুলেটৰি অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা অনুসৰি নতুন টেলিকম অপাৰেটৰলৈ যোৱাৰ বাবে ৭ দিন লক ইন পিৰিয়ড মানি চলিব লাগিব৷ অৰ্থাৎ আৱেদন কৰাৰ পাছৰ ৭ দিন পাছতেই পোৰ্টিং সম্পন্ন হ’ব৷ আপোনাৰ যদি কোনো বেলেন্স বকেয়া নাথাকে তেন্তে ১৫-৩০ দিনৰ ভিতৰত এক্টিভ হৈ পৰিব আপোনাৰ মোবাইল নম্বৰ৷
কেনেকৈ পোৰ্ট কৰাব?
প্ৰথমে ১৯০০ এই নম্বৰত এটি SMS পঠিয়াওক৷
SMSত লিখিব, ‘PORT’ তাৰপিছতেই স্পেছ দি ১০ ডিজিটৰ মোবাইল নম্বৰ টাইপ কৰক৷
জম্মু কাশ্মীৰৰ পৰা আৱেদন কৰিলে ১৯০০ এই নম্বৰত ফোন কৰিব লাগিব৷
SMS পঠিওৱাৰ পাছতেই এটি কোড আহিব যিটো কোম্পানীৰ চাৰ্ভিছ চেণ্টাৰত দেখুৱাব লাগিব৷
ইয়াৰ পাছতেই আপোনালৈ বিএছএনএল চাৰ্ভিছ চেন্টাৰৰ পৰা নতুন চিম আহিব৷
ইয়াত KYCৰ বাবে পৰিচয় পত্ৰ, ছবি আৰু বায়োমেট্ৰিক তথ্য দিব লাগিব৷
তাৰপাছতেই চিমৰ দাম দিব লাগিব৷
সমস্ত প্ৰক্ৰিয়া সম্পন্ন হ’লে আৰম্ভ হ’ব আপোনাৰ BSNL কানেকশ্ব্যন৷
কি সুবিধা, কি অসুবিধা?
বিএছ এন এল চিম লোৱাত বেছ কিছু সুবিধাও আছে৷ যাৰ মাজত অন্যতম হৈছে খৰচ৷ জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ তুলনাত বেছ সস্তাত ৰিচাৰ্জ প্লেন৷ ২৮ দিন, ৩০ দিন, ৮৪ দিন অথবা ৩৬৫ দিন, যিকোনো ভেলিডিটিৰ ৰিচাৰ্জ কৰিব পাৰিব কম দামত৷ আনলিমিটেড ভয়েছ কলিং আৰু দৈনিক ১ জিবি, ১.৫ জিবি অথৱা ২ জিবি ডাটা৷ সুবিধাৰ ওপৰিও যি অসুবিধা আছে সেয়া হ’ল দুৰ্বল নেটৱৰ্ক আৰু 5Gৰ অভাৱ৷ BSNL নেটৱৰ্ক লৈ গ্ৰাহকৰ প্ৰায়েই অভিযোগ দেখা যায় সামাজিক মাধ্যমত৷ ইয়াৰোপৰি জিঅ’, এয়াৰটেল 5G আৰম্ভ কৰিলেও বিএছএনএলে এতিয়াও সেই সেৱা দিব পৰা নাই৷ দ্ৰুত গতিত ইণ্টাৰনেট পৰিসেৱা যোগান ধৰিব পৰা নাই BSNLয়ে৷
টেলিকম সংস্থাটোৱে জনোৱা অনুসৰি পৰিসেৱা উন্নত কৰাৰ বাবে যাৱতীয় পৰিকল্পনা কৰা হৈছে৷ বহুওৱা হৈছে 4G টাৱাৰ৷ ইণ্টাৰনেট আৰু ভয়েছ কলিং পৰিসেৱাত জোৰ দিয়া হৈছে৷ আশা কৰা হৈছে আগন্তুক দিনত আৰু মজবুত হৈ পৰিব BSNL পৰিসেৱা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















